Written by 6:58 pm Poems

জীৱন জিন্দাবাদ

 বিপুল কুমাৰ দিহিঙীয়া

এটা ব্রেকিং নিউজৰ পাছত

পূর্বজৰ শাৰীত আমি মৃতভক্ষ

মাজনিশাৰ পঁয়ালগা সপোনৰ ৰমণীয় উল্লাস

আৰু সাৰ পাই দেখোঁ…

শব্দৰ খেলাৰ মাজেৰে ক্ৰমাৎ ধূসৰ এটা পুৱা বালিধুমুহাত জিল্‌মিল সৰিয়হ ফুল

ক’ৰ পৰা জানো আৰম্ভ কৰে…

নষ্ট্রাডাম’ছৰ ভৱিষ্যত বাণী

আৰু যদুবংশ ধ্বংস হোৱাৰ খবৰ

আমি আমাক ভক্ষণ কৰাৰ সাধু

ফেঁচাৰ নে বলিয়া বানৰ

নে শগুণৰ শাওত বুঢ়া গৰুৰ পুৰাণ

কি যে ৰমণীয় বিলাস

সিৰাবোৰ শিল হ’ল

কংক্রিটৰ দেৱাল ওখ হ’ল

জ্বলিল চিতা৷ ভৰদ্বাজ আত্রেয় অগ্নিবেশ

ক’ত বা হেৰাল

চাৰিওফালে নৃত্যৰত ছাইৰঙী আবিৰ

জীৱন জিন্দাবাদ৷ নৈঃশব্দত আউল পাৰাপাৰহীন জলধাৰাত টুলুঙা নাও চাকনৈয়াত

বাজিব লাগিছে দবা

বাজিব লাগিছে খোল-তাল-মৃদঙ্গ

এই গাব খৰমান৷ জীৱন নাটৰ

ককাদেউতাই ৰোৱা বাৰীৰ কোণৰ

বৰগছজুপিত ফেঁচাৰ বাজনা বাজিব

জুইকুৰা বাঢ়িব শব্দ কৰি

জন্মৰ কোষ্ঠী নিজে নিজে জ্বলিব

তুমিহীন এটা শব্দৰ পাছত ময়ো

ম’বাইলত বাজিব অর্থহীন আৱাজ

চকামকাকৈ এটা অশৰীৰী নৃত্য

ব্রেকিং নিউজত বাজিব

সপোন যেন লগা কথাবোৰ

বিজুলীৰ দৰেই চমকি

ক’ত হেৰাল বুদ্ধৰ শান্তিবাণী

বজ্ৰত ঢুকাল হেনো চিনাকি সুৰ

আবতৰীয়া বৰষুণত

আবেলিৰ গো-বাটেৰে বলধহাল নাহিল

এতিয়া বৃত্ত এটাৰ মাজত আমি

চাৰিওফালে জুই আৰু নক্ষত্রহীন পুৱা

নাঙঠ ফাগুনৰ দৰেই বটবৃক্ষৰ সৌন্দৰ্য

তথাপি জধলা হৈ ওলাই আহে

দোকমোকালিতে বন্ধু৷ উল্কাৰ দৰে খহে

গঢ়ে-পিটে৷ বৃদ্ধ লেবেজান

এটা সংবাদৰ উৎসত ঈশ্বৰ

মমবাতি জ্বলাই বিচাৰি চাওঁ৷ নাপাওঁ৷ নতজানু

এম্বুলেঞ্চৰ চাইৰেণত সমাধিস্থ

আমাৰ লোককথা

অন্ত্যেষ্টিক্ৰিয়াৰ পাছতেই

এপদ-দুপদকৈ সকলো গ’ল হেনো

পৰ্বতৰ টিঙলৈ৷ বৰ ঠাণ্ডা৷ বৰফ গলা পুৱা সোৱাদহীন জিভা৷

তথাপি এতিয়া এজাক বৰষুণৰ

বৰ প্ৰয়োজন৷ নিলাজ বতৰৰ

কিযে পঁয়ালগা খবৰ…

এই ঘপককৈ খহে এচমকা ডাৱৰ

ব্ৰহ্মাণ্ড উঠে কঁপি৷ জ্বলা জুইত ফৰিং হৈ পৰাৰ

কি যে আশৈশৱ প্রস্তুতি

এতিয়া উশাহ ল’বলৈকো অম্লজান নাটনি

সঁচাই জীৱন এক ধাপ্পাবাজি…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close