Written by 11:06 am Articles

ফিছা

 পল্লৱী মহন্ত


আগকথা :

কাহিনীৰ আকাল নাই। ঘৰে পৰে কাহিনী। চকুৰ আগত চৰিত্ৰবোৰে ইগিল-দিগিল কৰিয়েই থাকে। পলকতে সঁচাবোৰ মিছা হৈ চকুত ধৰা দিয়ে। সামান্য ইফাল সিফাল কৰি গল্প এটা লিখি পেলাব পাৰি। কিন্তু লিখা নহয়। চকুৰ সমুখৰ কাহিনীবোৰৰ মাজৰে এটা মই নিজৰ মাজত ধাৰণ কৰোঁ, লালন কৰোঁ, জন্ম  দিওঁ। কপটি বুঢ়ীৰ বোৱাৰীয়েকৰ গল্পটো ভালে কেইবছৰ ধৰি মনতে লৈ ফুৰিছিলোঁ। লৈ নুফুৰি নোৱাৰিছিলোঁ। এটা তাড়না আছিল, আছিল এটা নিজে নিজে ওপজা দায়িত্ববোধ।  গল্পটোৰ প্ৰসৱ বেদনাত ছটফটাই থাকোঁতে মই মাজে মাজে ঘামি উঠিছিলোঁ, মাজে মাজে ভাগি পৰিব খুজিছিলোঁ; সঠিককৈ কাৰ নাজানো, কিন্তু কাৰোবাৰ  যন্ত্ৰণাত কেঁকাইছিলোঁ, কন্দিছিলোঁ।

১ …

২ …

৩ …

উপসংহাৰ :

কাহিনীৰ কপটি বুঢ়ী বাস্তৱত জী থাকে। বোৱাৰী হৈ ঘৰ সোমোৱা ছোৱালীহঁতক শিকনি দিবলৈকে কপটি বুঢ়ীবোৰ সময়ত শাহু হয়গৈ। সময়ত বোৱাৰীবোৰ গৈ কপটি বুঢ়ী হয়গৈ। আৰু এনেদৰেই শাহু-বোৱাৰীৰ গল্পবোৰে আধুনিক মুক্ত উপন্যাসৰ ৰূপ ধাৰণ কৰে, য’ত শেষৰ পৰা আকৌ এবাৰ কাহিনী একোটা আৰম্ভ কৰিব পৰা যায়।

১.

কপটি বুঢ়ীয়ে  ভাতগাল ফেনেকি ফেনেকি উচুপি থাকিল। মাজে মাজে আঁৰ চকুৰে পুতেকলৈ চায়, জানোচা কিবা এষাৰ কয়েই! নাই,  যত চব নিবোকা চামোনৰ জাত। উচুপি থকা মাকজনীৰ কাষতে বহি মোকোৰা-মোকোৰে ভাতকাঁহী খাব পৰাবোৰ পেটৰ পোৱালিয়েই নে বাৰশত্ৰুৱেই ভাবি উলিয়াব নোৱাৰি কপটি বুঢ়ীয়ে বিনাবলৈ ধৰিলে। বিননিয়ে কামত নিদিয়াত জিভাৰ আগত থকা শাও-শপনিবোৰ লকলকাই উঠিল। গাত পোক লগা, ভেঁটিত তিতালাও গজা জাতীয় শাওপাততে বুঢ়ীজনী নৰ’ল। শাওপাতে গৈ গৈ যেতিয়া বোৱাৰীয়েকৰ ওফন্দি উঠা পেটটোৰ গুৰি পালেগৈ, নিমাখিত মানুহজনীয়ে আৰু সহি সহি ৰৈ থাকিব নোৱাৰিলে। নিজলৈ বুলি থোৱা মাছৰ জোলকণ আৰু ফিছাডোখৰ আনি শাহুৱেকৰ কাঁহীত বাকি দিলেহি তাই। বুঢ়ীয়ে চুপ-চাপ মাছৰ কাঁইট বছাত লাগিল। শাহুৱেক শান্ত হ’লতহে জলকীয়া এটা ভাঙি মানুহজনীয়ে ভাতকেইটা গিলি ঢিঙিয়েদি পেটত বাঢ়ি অহাটোলৈ পঠাবলৈ আৰম্ভ কৰিলে। শাহুৱেকৰ খোৱা শেষ হোৱালৈ ৰওঁতে ৰওঁতে  মানুহজনীৰ চকুহাল জাপ খাই আহিল।

লক্ষীৰামে পুৱাই জালখন লৈ বিলৰ ফালে ওলাই যোৱাৰ কথা ক’লত মানুহজনী জকজকাই উঠিল। খালাচ হ’বলৈনো কেইটা দিন আছে! কামলৈ নগৈ মাছ মাৰি ফুৰিলে হ’ব নে?  হাতত পা-পইচা এটা নহ’লে কেনেকৈ হ’ব! 

লক্ষীৰামে গমি চালে । হওঁতে কথাটো হয়। গাঁৱত সদায় হাজিৰা কাম পাবলৈ টান। ৰে’ল ষ্টেচনটো জংচন হ’ব বাবেহে ঘৰৰ সমুখতে কাম পাইছে। আৰু পোন্ধৰ-বিছ দিনমানহে কাম চলিব বুলি শুনিছে। এইকেইদিনতে দুটকামান গোটাব নোৱাৰিলে মিছা। তথাপি লক্ষীৰামৰ বেয়া লাগিল। বেচেৰী মানুহজনীয়ে যোৱা ছমাহে বগা ভাতকেইটাৰ বাদে একোৱেই মুখত দিব পৰা নাই। কেইদিনমানৰ পৰাহে বমি বন্ধ হৈছে। পুৱা কামলৈ যাবৰ পৰত কওঁ নকওঁকৈ ডাঙৰ মাছৰ ফিছা এডোখৰ খাবলৈ মন যোৱাৰ কথাটো কৈছিল। লক্ষীৰামে কামৰ পৰা আজৰি হৈ লবুৰ লগত বুধবৰীয়া বজাৰ পাইছিলগৈ। লক্ষীৰামহঁতে বজাৰৰ মাছ নাখাই বুলিলেও মিছা কোৱা নহয়। জালখন, জুলুকিটো, জাকৈখন লৈ গ’লে  পুঠি, গৰৈ যি পাই তাকেই খায়। গাঁৱত কাৰোবাৰ ঘৰত বিয়াই সকামেহে ডাঙৰ মাছৰ টুকুৰা এটা দেখে। বজাৰত মাছৰ দাম শুনিয়েই লবুয়ে মুখখন বিকটাই দিছিল। বেপাৰীটোৰ লগত মুখ চুপতি মাৰি মাৰি যেন তেন ফিছাৰ ফালৰ পৰা চাৰে  তিনিশ গ্ৰাম মাছ লৈছিল  লক্ষীৰামে মাছখিনি ফিছাডোখৰ ডাঙৰকৈ ৰাখি আৰু তিনিটুকুৰা কৰিবলৈ দিলে। তাৰে এটুকুৰ বৰলা লবুক দি বাকীখিনি আনি ঘৈণীয়েকৰ হাতত দিলেহি।  মানুহজনীয়ে দুপৰীয়াতে মধুসুলেঙৰ আগ এমুঠি আনি থৈছিল। তাৰেই  পিঠাগুড়ি ছটিয়াই মাছৰ টেঙা আঞ্জাকণ ৰান্ধিলে। ফিছাডোখৰ নিজলৈ ৰাখি বাকী দুডোখৰ কপটি বুঢ়ী আৰু লক্ষীৰামক দিছিল। বহু দিনৰ মুৰকত কপটি বুঢ়ীয়ে মাছডোখৰ পাই লপলপাই খালে। ভাগৰ ডোখৰ খাই আৰু অকণ বিচাৰিলে। নাই বুলিলতে গোটেইখন তল ওপৰ। বুঢ়া হ’লে মানুহবোৰ লুভীয়া হয়েই, সেইটোনো কি আচৰিত হ’ব লগা কথা। নিমাখিত মানুহজনীয়ে এনেকৈয়ে কথাবোৰ সামৰি থয়। দুপৰীয়ালৈ তিনিবাতি চাহপানী খোৱাৰ পিছতো কপটি বুঢ়ীয়ে চাহ  একাপো নযচাৰ দোষত  গোটেই চুবুৰীটোৱে শুনাকৈ বোৱাৰীয়েকক বকে। শাহুয়েকে গিলিবলৈ কষ্ট পাব বুলি প্ৰতি সাঁজতে নিসনীয়াকৈ ভাতকেইটা ৰন্ধাৰ পিছতো উখুৱা চাউলৰ হুটা ভাত দিয়ে বুলি যাকে পাই তাকেই কয়। মানুহজনীয়ে শুনিও নুশুনাৰ ভাও জুৰে। কপাললৈকে ওৰণিখন টানি সংসাৰৰ মিছা কথাবোৰ বুকুত সামৰি লক্ষীৰামৰ ঘৈনীয়েকে বাঢ়নী টাৰেৰে চৰক চৰককৈ চোতালখন সাৰিবলৈ ধৰে।

২.

মাঘমহীয়া জাৰতো মানুহজনী ঘামিল। অকলেই ঘৰ পথাৰ চম্ভালি থকা মানুহ, সেয়ে নেকি বেছি পৰ নালাগিল। লক্ষীৰামে কাটি অনা কলপাতখিলা কপটি বুঢ়ীৰ হাতত দিলে। সৰুপোনাৰ মাকে গৰম পানীৰ চৰিয়াটো যতনাই দিলে। পিতোৰ ঘৈনীয়েকে সোঁহাতখনেৰে কেঁচুৱাৰ আধা ওলোৱা মূৰটোত ধৰি বাহিৰলৈ টানিলে। যন্ত্ৰণাত ছটফটাই থকা বোৱাৰীয়েকক কপটি বুঢ়ীয়ে ডবিয়ালে , “চৰুতে লুকুৱাই লুকুৱাই খোৱাৰ ফল পাইছ নে এতিয়া? দে দে বল দে। নমৰ নমৰ। ইমান যে চিঞৰিছ আমি ল’ৰা পোৱা নাইনে কিবা?” কপটি বুঢ়ীৰ কথাই বোৱাৰীয়েকৰ কাণ চুব পৰা নাই। কেঁকাই কেঁকাই তাই ঈশ্বৰৰ নাম লৈছে। একোবত তাই ডাঙৰকৈ চিঞৰি উঠিল। পিতোৰ ঘৈনীয়েকে হাতৰ কেঁচুৱাটো কলপাতত শুৱাই দিলে। কপটি বুঢ়ীয়ে গেজগেজাই উঠিল। -“তাৰমানে অতদিনে তই মাইকী ছোৱালীজনীলৈ পেটত লৈ ফুৰিছিলি ! মাইকী ছোৱালীতে তোৰ গা দাঙিব নোৱাৰা হৈছিলি ! খাব শুব নোৱাৰা হৈছিল অ’  মৰতীজনী। ইস একেবাৰে মাছৰ ফিছাহে খাবলৈ মন গৈছিল তাইৰ। দেখিলিনে এতিয়া মাছৰ ফিছা খোৱাৰ ফল। মই বুঢ়ীয়ে তেতিয়াই গম পাইছিলোয়েই। মতা ল’ৰা পেটত থকা হ’লে বোলো মাছৰ মাথাটো খাবলৈ মন গ’লহেঁতেন…।” 

কপটি বুঢ়ীৰ মুখখন যি মেল খালে মৰালৈকে মেল খাইয়ে থাকিল। তগৰফুল পাহ হেন ছোৱালীজনীক বুঢ়ীয়ে কথাই কথাই আঁজুৰিলে, ডবিয়ালে, বাঘঢকা দিলে, ঠলামূৰি দিলে। চালে চাই থাকিবলৈ মন যোৱা ছোৱালীজনীয়ে আইতাকৰ বুকুত সোমাই নাপালে, সাধু শুনি টোপনি নগ’ল, চাদৰৰ আঁচলত ধৰি চুবুৰীৰ বিয়া সকামলৈ যোৱাৰ দিন নাহিল। মাকৰ কোলাত ডাঙৰ হোৱা ছোৱালীজনী এদিন বাপেকৰ বোকোচাত স্কুললৈ গ’ল। সমনীয়াৰ লগত খেলিলে, হাঁহিলে, নাচিলে, পঢ়িলে। গণকে গণনা কৰি দিয়া মতে পতিহীনা যোগৰ বিধান মানি পঞ্চল্লিছ দিনৰ সলনি একৈছ দিন আন্ধাৰ চুক এটাত সোমাই থাকিল। পোৰা কপাল এখনৰ কথা কৈ কৈ ককৰ্থনা কৰি কপটি বুঢ়ীয়ে বন্ধা টোপোলাটো মাক বৰমাক খুৰীয়েকহঁতৰ সৈতে গোপিনীৰ সাক্ষাতত কণাই কৰি ল’লে।  হাইস্কুল পাওঁতেই মাকৰ চেন্দেলযোৰ তাইৰ ভৰিত সৰু হৈ পৰিল। লাহি ভৰি দুটাৰ দীঘল দীঘল আঙুলিকেইটা কুলক্ষণীৰ লক্ষণ হৈ কপটি বুঢ়ীৰ জিভাখনত লপলপাই থাকিল। তপিনালৈ বৈ পৰা চুলিকোচা কপটি বুঢ়ীৰ মতে হৈ পৰিল পিশাচিনীৰ চুলি। কপটি বুঢ়ীয়ে কুলক্ষনীৰ আঙুলি, পিশাচিনীৰ চুলি দেখি দেখিয়েই এদিন বিছনা ল’লে, ঘেৰঘেৰণি টনিলে, চামুচেৰে পানী খাই চকু মুদিলে।  তগৰ ফুল পাহ হেন ছোৱালীজনীয়ে আইতাকৰ থৰ হৈ পৰা হাত এখন নি নিজৰ মূৰত বুলালে।

৩.

তগৰফুল পাহ হেন ছোৱালীজনীয়ে পিছফালে ঘূৰি নুচুৱাকৈ চাউল মুঠি ছটিয়াই দিওঁতেহে নিমাখিত মানুহজনীৰ বুকুৰ পৰা কিবা এটা হুৰুষকৈ খহি পৰিল। অতবছৰৰ দুখ, বেজাৰ, যন্ত্ৰণাই মানুহজনীক হেঁচা মাৰি ধৰিলে। কান্দিব খুজিও মানুহজনীয়ে কান্দিব নোৱাৰিলে। গিলি ৰাখোঁতে ৰাখোঁতে শোকবোৰ ডিঙিৰ ওপৰলৈ উঠিবই নোৱাৰা হ’ল। ডিঙিত যন্ত্ৰণাৰ খোঁচা বিন্ধা লৈয়ে মানুহজনীয়ে গোটেই দিনটো ছটফটাই থাকিল।

মাষ্টৰণী শাহুৱেকে বোৱাৰীয়েকক ছোৱালী ৰখাদি ৰাখিম বুলি কোৱা ৰভাঘৰৰ গোটেই ৰাইজে শুনিছে। বাপেকে ‘সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ’ বুলি বিয়াৰ প্ৰস্তাৱটো আওঁকাণ কৰোঁতে লৰাৰ মাকজনীয়ে অলপখন কাওবাও কৰিছিল নে! বোলে তগৰফুল পাহ হেন আটোপটোপ ছোৱালীজনীৰ বাদে আমাক ফুটাকৰি এটাও নালাগে। মাষ্টৰণী মানু্হ। সজাই পৰাই কোৱা কথাবোৰে লক্ষীৰাম আৰু নিমাখিত মানু্হজনীৰ হৃদয় চুলে। ৰূপালী গুণাৰ পাটৰ কাপোৰ, গহনা ভৰ্তি গাৰে তগৰ ফুল হেন ছোৱালীজনী লক্ষ্মীৰ প্ৰতিমা হৈ ওলাই গ’ল। এৰা, মাষ্টৰণী শাহু। তেওঁ পঢ়োৱা ল’ৰা ছোৱালী গৈ ডাঙৰ মানুহ হৈছে। দহজনক লগ পায়,দহটা কথা বেছিকৈ জানে। ভদ্ৰ মানুহ, আচাৰ ব্যৱহাৰ সজ, মাত কথাও তেনে। মানুহজনীৰ বুকুখন পাতলি যায়।তেওঁ কপটি বুঢ়ী নহয়।

বিয়াৰ পাছত ঘৰলৈ অহা ছোৱালীজনীৰ মাজত নিমাখিত মানুহজনীয়ে মাষ্টৰণী শাহুৱেকৰ জীয়েক এজনী বিচাৰি ফুৰে। পিছে সেই কথা  বুজিব নোৱাৰি মানুহজনীয়ে লৰালৰিকৈ ভাত ৰান্ধে, বাঢ়ে; জীয়েকেও তৃপ্তিৰে গিলে আৰু মাষ্টৰণী শাহুৰ কাষলৈ উভটে। যোৱাৰ পৰত জীয়েকৰ চকুপানী ওলায়। সেই চকুপানী ছোৱালী হৈ মাকক এৰি যোৱাৰ দুখত নে বোৱাৰী হৈ শাহুৱেকৰ কাষলৈ উভতি যোৱাৰ দুখত সেয়া নিমাখিত মানু্হজনীয়ে ধৰিব নোৱাৰে।

পঞ্চামৃত দিবলৈ যোৱা মানু্হজনীয়ে হলহলাই বমি কৰা দেখি জীয়েকক দেখি উচপিচাই থাকোঁতে মাষ্টৰণী শাহুৱেকৰ মুখখনত বিৰক্তি দেখিছিল।  নাৰ্চজনীয়ে দেখুৱাবলৈ অনা কেঁচুৱাটো ছোৱালী বুলি শুনিও মাষ্টৰণী শাহুৰ মুখখন ক’লা পৰা নিমাখিত মানুহজনীৰ চকুত নপৰাকৈ নাথাকিল। হ’লেও শিক্ষিত মানুহ, মাত কথা মিঠা, সুৰীয়া। কপটি বুঢ়ী নহয়। তাতেই শান্তি। ছোৱালীকণৰ ভাত মুখত দিওঁতে মাষ্টৰণী শাহুয়ে মাছৰ বাতিটোত ফিচাৰ ফালৰ মাছ এটুকুৰা দিবলৈ কওঁতেহে মানুহজনীৰ গাটো জিকাৰ খাই উঠিল। আঁৰ চকুৰে জীয়েকলৈ চালে। তগৰ ফুলপাহ হেন ছোৱালীজনীৰ মুখখন আন্ধাৰ আন্ধাৰ লাগিল। নিমাখিত মানুহজনীৰ এনে লাগিল যেন ক’ৰবাৰ পৰা কপটি বুঢ়ী আহি লপলপাই লপলপাই মাছবোৰ খাবলৈ ধৰিলে।

মানুহহাল গৈ পোৱালৈ তগৰফুল পাহ হেন ছোৱালীজনীৰ কপালৰ ফোঁটটো নাছিল। মৰহি যোৱা তগৰ এপাহ হৈ তাই জুপুকা লাগিছিল। তপিনা চোৱা চুলিকোচা মাটিত চুঁচৰি আছিল। মৰিশালিৰ পৰা যে কপটি বুঢ়ী উঠি আহিছিল।

মাষ্টৰণী শাহু কপটি বুঢ়ী হৈছিল।

তগৰ ফুলপাহ হেন ছোৱালীজনী কুলক্ষনী হৈছিল। তাইৰ দীঘল চুলিকোচা পিশাচিনীৰ চুলি হৈ গিৰিয়েকৰ ফাঁচীৰ জৰী হৈ পৰিছিল। পুত্ৰ শোকত আতুৰ কপটি বুঢ়ী হোৱা মাষ্টৰণী শাহুয়ে  মানু্হবোৰৰ আগত নমহীয়া কেঁচুৱাটোৰ অমংগলীয়া লক্ষণবোৰৰ কথাও ক’বলৈ নাপাহৰিলে।

মাষ্টৰণী শাহু কপটি বুঢ়ী হ’ল।

তগৰ ফুলপাহ হেন ছোৱালীজনী তাহানিৰ নিমাখিত মানুহজনী হৈ ছোৱালীজনীক বুকুত সাৱটি বহি থাকিল।

** বি:দ্ৰ: গল্পটো লিখি শেষ কৰাৰ পৰত লেখকে নাম এটা দিবলৈ গৈ কলম কামুৰি বহি থাকোঁতে কপটি বুঢ়ী ওলালহি। এওঁ মহানাগৰিক কপটি বুঢ়ী। নিজৰ শিক্ষিত বোৱাৰীয়েকে পুতেকৰ টকাৰে খোৱা হগাৰ কথা কৈ কৈ মুখ বিষালত তেওঁ গ’লগৈ। যাওঁতে মোক দি গ’ল অসহ্য মূৰৰ বিষ।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close