Written by 11:03 am Poems

ৰজাৰ মূৰত শিং গজিল

অৰ্চনা পূজাৰী

১)

জনম জনম সাধুৰ সংসৰ্গ

সেই সাধুবোৰৰে ঠেং দীঘল

পেটত অদ্ভুত কথাৰ মেৰপেচ

২)

ৰজাৰ চুলি দীঘল হৈ গৈ আছে

নাপিতে কাটে কিদৰে

চলাবলৈ লৈ কেঁচি ৰৈ যায়

নাপিত জ্বৰ ঘমা দিয়ে

কি কাল কি ঘটনা !

মুখত  হাত দি ৰজাই কয় –

চুপ !

৩)

ৰজাই হুকুম দিছে

এডিম চেডিম বাই

কি হুকুম দিছে

এডিম চেডিম বাই

নাপিতৰ পেটত উকমুকনি উঠে

ৰজাৰ মুৰৰ শিং গজা

বিয়াগোম কথাটোৱে

পাকভোঁহৰ খাই উজাই আহে

৪)

মানুহক ক’লে কাণ বাগৰিব

ৰজাই নাপিতৰ শিৰচ্ছেদ কৰিব

কাক কয়

কাক কয়

পদূলি মুৰৰ গছজোপাকে ক’লেগৈ

গছৰ মূৰতে যেন বজ্ৰপাত

গছ থিয়ৈ থিয়ৈ মৰিল

পৃথিৱীৰ অৰণ্যবোৰ শেষ হৈ আহিল

৫)

শুকান গছৰ পৰা হ’ল

ঢুলুকি -তবলা

ৰাজসভাৰ সংগীতৰ আচৰ বহিল

উৱা ! ওস্তাদে হাত বুলাই দিলে

তবলাই গীত আৰম্ভ কৰিলে

গায়কে চাই থাকোঁতেই গ’ল

৬)

ঢাকি নাকি ঢাকি ধিন

নোলায় হে নোলায়

তবলাৰ মাতত গীতৰ কলি–

ৰজাৰ ফাঁকি ধৰা পৰিল

ৰজাৰ মূৰত শিং গজিল

জি. এছ. টি.-ৰ ভৰত ৰাইজ মৰিল

চৰাদামত বজাৰ জ্বলিল

৭)

ৰাজসভাৰ পৰা ৰজা পলাই পত্ৰং

শিং উভালিবলে’  কি কৰে উপায়

কাঁইটৰ ভয়ত কাঁইটকে বিচাৰে

৮) 

ভয় আৰু বিৰক্তিৰে  বাৰে বাৰে

মূৰত দিয়ে হাত

পিহেহে পিহে শিং নসৰে

বৰ কাপোৰেৰে ঢাকে

কামত নাহে

চকুৰে সৰিয়হ ফুল দেখে

৯)

নিৰ্বাচন সমাগত 

মূৰত শিং লৈ ৰাইজৰ সমুখলে

যাব কিদৰে

ৰাইজখনে হাবিত মেলি দিব

১০) 

ক্ষমতাৰে সকলো কৰিলে

জুই ঢাকিলে

বতাহ বান্ধিলে

চিলাই থপিয়াই নিলে খবৰ

আকাশত ডাৱৰৰ শিং

বিজুলী-বজ্ৰত ৰজাৰ মূৰৰ শিং

জিলিকি উঠিল

ৰজা পলায় ক’লৈ

আমাৰো কপোৰ-কানি ক’লা পৰিল৷৷

( সাধু এটাৰ জুমুঠিটো লৈ  কবিতাটো  লিখা হৈছে )

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close