Written by 11:03 am Poems

বগলী

অৰুণ গগৈ

আবেলি বিয়লি বগলী

বিলৰ পাৰত পৰে

পানীৰ মাজৰ পুঠিমাছ

থাপ মাৰি ধৰে ৷

বহলাই বহে বৰপথাৰত

দাঙি এটা ঠেং

মুখৰ আগত পালেই খায়

সৰু সৰু বেং ৷

শুকুলা পাখি শুৱনি দেখি

আৰু দীঘল ঠোঁট

কোনেনো বাৰু বগলী বাইক

দিলে বগা ফোঁট !

দ-পথাৰত মিটিং পাতে

বাঁহৰ আগত ঘৰ

পুৱা হ’লে মাছ বিচাৰি

বিললৈ মাৰে লৰ ৷

ডেউকা কোবাই বেগাই

উৰে জাক পাতি

দিনৰ দিনটো ফুৰি-চাকি

শুই থাকে ৰাতি ৷

ঠিকনা : 

মৰিয়নী, যোৰহাট

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close