যশোৱন্ত নিপুণ
এৰি অহা ঠাইবোৰ আকৌ বিচাৰি
ছাঁবোৰো দীঘল হৈ গুচি গৈছে ।
ইমান খালি হৈ যাম বুলি জনাহ’লে
বজাৰলৈ হয়তো কেতিয়াও নগ’লোহেঁতেন ।
সকলো খৰচ হৈ যোৱাৰ পাছত
মোনাখন খেপিয়াই খেপিয়াই চাওঁ,
হাতত উঠি আহে এমুঠি শূন্যতা
কেইখিলামান জৰাজীৰ্ণ পাত
কোনেও নপঢ়া এখন উঁৱলি যোৱা চিঠি
আৰু তাত মোৰ বাবে একোৱেই নাথাকে ।
এতিয়া সকলোৱেই বিষাদৰ বাটেৰেই আহে,
আনকি প্ৰিয় গানৰ কলিটোও কেতিয়াবা
সেই বাটেৰেই দুখৰ ভৰত কুঁজা হৈ আহি ওলায়,
এখন্তেক জিৰায় আৰু আকৌ উভটি যায় ।
যদি আগতেই জানিলোহেঁতেন
গান বোধহয় মই কেতিয়াও নুশুনিলোহেঁতেন ।
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
Visited 3 times, 1 visit(s) today
Last modified: May 6, 2025