Written by 10:34 am Poems

বাটৰ মালিতা

 উদয় কুমাৰ বৰুৱা

বাটটো মসৃণ নহয়

তথাপি যাবই লাগিব

মোৰ আগতেও গৈছে বহুজন

পাছতো যাব কতজন

বিকল্প যেতিয়া নেথাকে

ৰ’দ-বৰষুণ ধুমুহায়ো 

ৰখাব পাৰে জানো কদাপি

যাব খোজাজনক

বাটৰুৱাৰ বিৰক্তিবোৰো বাটটোৱে নিৰ্বিবাদে মানি লয়

পিছে গতিশীল সময়ৰো সময়ত ভাগ্যৰ চকৰি ঘূৰে

খলা-বমা বাটটোও এদিন পকী হৈ মসৃণ হয়।

গুণ-গৰিমাৰ প্ৰলেপৰ তলত বিৰক্তিবোৰ ইতিহাস হয়।

স্মৃতিকাতৰতাইহে বাটটোৰ মন  মাজে মাজে মেঘাচ্ছন্ন কৰে।

(কোনেনো লয় বাটৰ মনৰ খতিয়ান নিজ স্বাৰ্থৰ উৰ্ধ্বলে গৈ)

কেৱল বাটৰ কাষৰ গছবোৰৰ নীৰৱ চকুলো ভাপ হৈ উৰে

এই বাটতেই লীন গ’ল হাজাৰ জিলিৰ মাত, নীৰৱতাই চুমি গ’ল ৰি-ৰি ৰ’দৰ শূন্যতা

অদেখালে গুচি গ’ল অলেখজন মনত মিশ্ৰিত অভিমান লৈ

অলিখিত হৈ ৰ’ল

বহুৰঙী জীৱনৰ কত মৃন্ময় লগ্ন গছবোৰৰ নিশাহ আৰু

প্ৰসাৰিত চেঁচা ছাঁবোৰত

বহুদিন হ’ল সেই বাটে মোৰ নোযোৱাৰ

মাথোঁ এটা অজুহাত পালেই আকৌ যাম সেই বাটেৰে

য’ত মোৰ অযুত স্মৃতিৰ বসতি।  তমসা ভাঙি নিজৰ ভিতৰলে ঘূৰি যোৱাৰ অলেখ হাবিয়াস

বোধহয় আপোনাৰো !!

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close