Written by 10:30 am Articles

এই যে দিন-ৰাতিবোৰ

মূল :  হুমায়ূন আহমেদ

অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা

থাৰ্ড পিৰিয়ডত প্ৰণৱবাবুৰ ক্লাছ নাই। তেওঁ আলোচনী এখন বিচাৰি কমনৰূমলৈ সোমাই আহিল। স্কুলখনত আলোচনী বুলিবলৈ এই এখনেই। নিজৰ পঢ়া শেষ নোহোৱালৈকে সেইখন হেডমাষ্টৰ মহাশয়ে নিজৰ কোঠালিতে ৰাখি থয়। আজি পিছে তেওঁ স্কুললৈ অহা নাই। ছোৱালীৰ বিয়াৰ  কথা-বাৰ্তা ওলাইছে। ল’ৰাৰ বৰজনা পেহাক আহিছে ছোৱালী চাবলৈ। হেডমাষ্টৰে সেইসূত্ৰে ডাঙৰ ডাঙৰ কাৱৈমাছ বিচাৰি বজাৰলৈ ওলাই গৈছে।

কমনৰূমৰ টেবুলৰ ওপৰতেই আলোচনীখন পৰি আছিল। ভাঁ‌জ এটাও খোলা নাই। এনেকুৱা একেবাৰে নতুন, কোনেও নপঢ়া আলোচনী এখন পঢ়াৰ আমেজেই সুকীয়া। প্ৰণৱবাবু এচুকত থকা আৰামী চকীখনতে শোৱাৰ ভংগীত পৰি থাকিল। অলপ সময়ৰ পিছতে তেওঁৰ কপালেদি  টোপাটোপে ঘাম সৰিবলৈ ধৰিলে। তেওঁ কঁ‌পা কঁ‌পা মাতেৰে চিঞৰিলে- “ৰছিদ মিঞা, হেৰা ৰছিদ মিঞা!”

ৰছিদ মিঞা স্কুলখনৰ সহায়ক। হেডমাষ্টৰে কাৱৈমাছ বিচাৰি  তেওঁকো লগত লৈ গৈছে। গতিকে কোনো নাহিল। চতুৰ্থ পিৰিয়ডত পানী খাবলৈ কমনৰূমলৈ আহি আজিজুদ্দিন চাহাবে দেখিলে যে প্ৰণৱবাবু মৰা মানুহৰ নিচিনাকৈ পৰি আছে।

-“প্ৰণৱবাবু , কি হ’ল আপোনাৰ?”

প্ৰণৱবাবুৱে বিৰবিৰাই কিবা যেন ক’ব খুজিলে। তেওঁৰ কথাবোৰ লাগি লাগি ধৰিলে। আজিজুদ্দিন চাহাবে আচৰিত হৈ সুধিলে-“হেৰি, প্ৰণৱবাবু, গা বেয়া নেকি আপোনাৰ?”

-“গা ভাল।”

আজিজুদ্দিন চাহাবে প্ৰণৱবাবুৰ কপালত হাত দি চালে। নাই, জ্বৰ নাই। কপালখন একেবাৰে চেঁচা।

“পানী, পানী খাম। অলপ পানী দিয়ক।”

প্ৰণৱবাবুৰ মাতটো কোনোমতেহে ওলাল।

-“প্ৰণৱবাবু, হেৰি! মূৰ ঘূৰাইছে নেকি আপোনাৰ?” 

-“লটাৰীৰ ৰিজাল্ট দিছে।”

প্ৰণৱবাবুৰ মাতটো এটা ফুচফুচনিৰ দৰে লাগিল।

কথাটো বুজিবলৈ আজিজুদ্দিন চাহাবক কিছু সময় লাগিল। ৰে’ডক্ৰছ লটাৰীৰ দুটকীয়া টিকট পাঁ‌চটাকৈ তেওঁলোক প্ৰতিজন শিক্ষকে লৈছিল কেইদিনমানৰ আগতে। হেডমাষ্টৰ চাহাবে মৈমনসিংহৰ পৰা পঞ্চাছটা টিকট আনি তেওঁলোক আটাইকে বহুৱাই লৈ গহীন সুৰত কৈছিল-“সকলোৱে টিকট ল’ব লাগিব। এয়া দেশৰ কাৰণে কৰা কাম। আমি শিক্ষকসকলেই যদি নকৰোঁ, কোনে কৰিব ? সকলোৰে বাবে এটা দৃষ্টান্ত হওঁ আহক। প্ৰত্যেকেই পাঁ‌চটাকৈ লওক টিকট।”

থাৰ্ড মাষ্টৰ জলিল চাহাবে মুখখন ক’লা কৰি কৈছিল-“দুইমাহে দৰমহা নাই, তাতে আকৌ এইবোৰ কিহৰ ঝামেলা ছাৰ ?”

-“দেশৰ কামৰ নামত আপুনি কি ঝামেলা দেখিলেহে? পাঁ‌চটাকৈ টিকট লওক সকলোৱে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ভগাই দিয়াৰ ব্যৱস্থা কৰক। বুজিলেনে? দেশৰ কাম।”

সেইমতে প্ৰত্যেকে পাঁ‌চটাকৈ টিকট ল’লে। হেডমাষ্টৰৰ হঠাৎ জাগি উঠা দেশপ্ৰেমৰ ৰহস্যৰ উৎসটোও পোহৰলৈ আহিল। প্ৰতি দহটা টিকটত তেওঁৰ নিজাকৈ লাভ হয় দুটকাকৈ।

সেইহেন লটাৰীৰ ৰিজাল্ট পাই  এয়া এতিয়া প্ৰণৱবাবুৰ কপাল ঘামেৰে তিতি গৈছে, মাত-কথা অস্পষ্ট হৈ গৈছে। আচল কথাটো কি? আজিজুদ্দিন চাহাবে অবাক হৈ সুধিলে,  হেৰি, কওকচোন কওক, আপুনি বাৰু কিবা পালে নেকি ? 

-“পাইছোঁ।”

কথাষাৰ কৈয়েই প্ৰণৱবাবুৱে আজিজুদ্দিন চাহাবক জোৰেৰে খামোচ মাৰি ধৰিলে।

আজিজুদ্দিন চাহাব স্তম্ভিত হৈ গ’ল। ক্লাছ নাইনত তেওঁ ইংৰাজী কবিতা পঢ়োৱাৰ কথা আছিল, তেওঁ আৰু তালৈ নগ’ল। প্ৰণৱবাবুৰ কাষৰ চকীখনতেই মনে মনে বহি থাকিল। এৰা, পৃথিৱীখনত কত কিমান  আশ্চৰ্যকৰ ঘটনাই যে নঘটে! যোৱা পৰহিদিনা মাত্ৰ প্ৰণৱবাবুৱে তেওঁৰ পৰা পঞ্চাছ টকা ধাৰলৈ বিচাৰিছিল। তেওঁ কৈছিল, হাত একেবাৰে খালী। পইচা ক’ৰ পৰা আহিব? যোৱা মাহতো দৰমহাৰ আধাহে পাইছোঁ। 

আজিজুদ্দিন চাহাবে ক্লান্ত স্বৰেৰে মাত দিলে- 

“এনেকৈ বহি আছে কেলেই ? স্ফূৰ্তি কৰক আকৌ! “

ঠিকেইতো! পিছে এনেকৈ ৰাতাৰাতি লাখপতি হৈ গ’লে কেনেকৈ বা স্ফুৰ্তি কৰে মানুহে! ৰিজাল্টটো ওলাইছে বাৰু ক’ত ? চাওঁ, আলোচনীখন চাওঁ।

ক্লাছ নাইনৰ ল’ৰা-ছোৱালীখিনিয়ে খুব হুলস্থূল  কৰিছে। এজনে আহি কমনৰূমত ভুমুকিয়াইও গ’লহি। আজিজুদ্দিন চাহাবে চেলাউৰি কোঁ‌চাই কোঁ‌চাই লটাৰীৰ খবৰটো দুই-তিনিবাৰ পঢ়িলে।তেওঁৰ হাতত এটা টিকটো নাই। আটাইকেইটা নেজামৰ চাহৰ দোকানত বিক্ৰী কৰি দিছে।

টিফিনৰ সময়তে স্কুল আপোনাআপুনি ছুটী হৈ গ’ল। এজন শিক্ষকৰো ক্লাছ কৰাৰ উৎসাহ নাথাকিল। প্ৰত্যেকেই শুকান মুখ একোখন লৈ কমনৰূমত বহি থাকিল। ছাত্ৰ-ছাত্ৰীসকল ঘৰলৈ গুচি যোৱাৰ বাবে সিহঁ‌তলৈ অনা টিফিনৰ খোৱাবস্তু  ৰৈ গ’ল। লুচি আৰু বুন্দিয়া। অইন সময়ত হ’লে টিফিন বা খোৱা-বোৱাক লৈয়েই বহুত কথা ওলালেহেঁ‌তেন। আজি পিছে সেইবোৰ নাই। ক্লাছ টেনৰ ল’ৰা কেইজনমানে কমনৰূমৰ দুৱাৰৰ কাষত জুম বান্ধিছিল। আজিজুদ্দিন চাহাবে প্ৰচণ্ড ধমক দিলে, হুঃ, থিয়েটাৰ চাবলৈ আহিছ ? যা, ঘৰলৈ যা। দুদিন পিছত পৰীক্ষা, জ্ঞান নাই! গৰুৰ জাক ক’ৰবাৰ!

খবৰটো পায়েই  হেডমাষ্টৰ মহাশয়ো দৌৰি আহিল। আৰু আহিয়েই হৈ-চৈ এখন লগালে, স্কুল কোনে ছুটী দিলে ? স্কুল ছুটী দিব লগাকৈ এনে কাৰ কি হৈছে কওক! কোনোবাই লটাৰীত টকা কেইটামান পাইছে, তাৰবাবেই স্কুল ছুটী!

হেডমাষ্টৰৰ কথাত কাৰো একো ভাবান্তৰ নহ’ল। সহকাৰী হেডমাষ্টৰজনে বিৰক্তিত কৈ উঠিল, কিনো একেটা কথাকেই পেঘেনিয়াই আছে হে, আপুনি ! কোনে ক্লাছ কৰিব এতিয়া ? 

-“আপোনালোকৰ সমস্যাটো কি ? মই একো ধৰিব পৰা নাই।”

-“তিনিমাহ ধৰি দৰমহা নাই। তাৰ মাজতে এজনে দুইলাখ টকা পালে মগজ ঠিকে থাকিবনে ? “

-“তিনিমাহে দৰমহা হোৱা নাই বুলি কেলেই কৈছে ? যোৱা মাহত সকলোকে আধা দৰমহা দিছোঁ।মেট্ৰিক পৰীক্ষাৰ কালেকচন হৈ গ’লে বাকী পাবলগীয়াখিনি পাব। এইবাৰ কালেকচন ভাল হ’ব।”

ৰছিদ মিঞা হেডমাষ্টৰৰ লগতে উভতি আহিছে স্কুললৈ। এটা বহল পাত্ৰত তেওঁ মিঠাতেল আৰু জলকীয়াৰে মুড়ি সানিবলৈ ধৰিলে। শিক্ষকসকলৰ দুপৰীয়াৰ টিফিন। কেৰাচিনৰ ষ্ট’ভত চাহৰ পানী উতলিছে। হেডমাষ্টৰে ভাৱলেশহীন মুখেৰে ক’লে, আজিও মুড়ি ? আজি অলপ ভাল টিফিনৰ দৰকাৰ আছিল।

 তেওঁৰ কথাত কোনেও একো গুৰুত্ব নিদিলে।টিফিন পৰ্বও শেষ হ’ল চাই থাকোঁতেই। শিক্ষকসকল এজন এজনকৈ ঘৰমুৱা হ’ল। প্ৰণৱবাবু ঠাইতেই বহি থাকিল। এটা সময়ত হেডমাষ্টৰ মহাশয়ে কাষ চাপি আহি তেওঁক ক’লে, যাওক, ঘৰলৈ গৈ স্ফূৰ্তি-তামাচা কৰকগৈ। ইমান চুপচাপ হৈ বহি আছে কিয় ? 

-” কিবা এটা ভাল লগা নাই, ছাৰ।”

-“কিয় ভাল নালাগিব ? আজিতো আপোনাৰ ভাল লগাৰে দিন।”

কথাষাৰ কৈ হেডমাষ্টৰে শুকান কণ্ঠৰে  হাঁ‌হিবলৈ যত্ন কৰিলে।

-“জোৰ-জবৰদস্তি কৰি টিকট কিনাইছিলোঁ বুলিহে আজি ইমানসোপা টকা পালে। কথাটো মনত ৰাখিব কিন্তু। পিছে উপকাৰৰ কথা অৱশ্যে কাৰো মনত নাথাকে, এয়া জগতৰেই নিয়ম।”

-কথাখিনি কৈ কৈ হেডমাষ্টৰে হা-হাকৈ  হাঁ‌হিলে।

প্ৰণৱবাবুৱে বিৰবিৰকৈ কিবা ক’লে। পিছে কিনো ক’লে সেয়া স্পষ্টকৈ বুজা নগ’ল। হেডমাষ্টৰে শুকান মাত এটাৰে সুধিলে, টিকটটো পিছে আছে নে নাই আপোনাৰ লগত ? বহুতে আকৌ টিকটটোকেই হেৰুৱায়। তেতিয়াতো খেলেই খতম।

প্ৰণৱবাবুৱে মণিবেগৰ পৰা টিকটটো উলিয়াই হেডমাষ্টৰৰ হাতত দিলে। তেওঁ একেথৰে টিকটটোলৈ চাই থাকিল। আৰু ক্ৰমশঃ তেওঁৰ চেলাউৰিযোৰ কপালত থুপ খাবলৈ আৰম্ভ কৰিলে।

ছোৱালীজনীৰ এইখন বিয়াও চাগৈ নহ’বগৈ । ল’ৰাৰ পেহাকে কৈ গৈছে- ল’ৰাৰ হেনো মটৰ চাইকেলত খুব চখ। প’ষ্টমাষ্টৰৰ ল’ৰাই মটৰ চাইকেলেৰে কিয়েইবা কৰিব? কাৱৈ মাছৰ টকাকেইটা যে এনেয়ে পানীত পৰিল, সেয়া ধুৰূপ। হেডমাষ্টৰ মহাশয়ে ছুটিকৈ নিশ্বাস এটি এৰি ক’লে, প্ৰণৱবাবু, এইবাৰ আপুনি মটৰ চাইকেল এখন লৈ লওক।

-“মটৰ চাইকেলেৰে মই কি কৰিম ? “

-“চলাব আকৌ। চলাব। আপোনাৰেইতো দিন!”

কথাষাৰ কৈ উঠি হেডমাষ্টৰে আকৌ এবাৰ  জোৰকৈ হাঁ‌হিবলৈ যত্ন কৰিলে।

সন্ধিয়া লাগি ভগাৰ পাছত প্ৰণৱবাবু স্কুলৰ পৰা ওলাল। তেওঁ ভাবিছিল, বজাৰৰ মাজেদি পাৰ হৈ যাওঁতে বহুতে ছাগৈ তেওঁক লটাৰীত টকা পোৱাৰ কথাটো সুধিব। পিছে তেনেকুৱা একো নহ’ল। তাৰমানে খবৰটো কোনোৱে পোৱাই নাই নেকি ? আচৰিত ! 

প্ৰণৱবাবুৰ পুত্ৰ সুবল চুৰি কে’ছত গ্ৰেপ্তাৰ হোৱাৰ বেলিকা তেওঁ কিন্তু বাটে-ঘাটে অনেক লোকক উত্তৰ দিবলগীয়া হৈছিল।

-“নিশ্চয় ফলছ্ কে’ছ ! নে কি কয়, প্ৰণৱবাবু ? হাজাৰ হ’লেও আপোনাৰ ল’ৰা। ভদ্ৰলোকৰ সন্তান।”

-“ধুৰ, কোনে কৈছে ফলছ্ কে’ছ ? সঁ‌চাকৈ চুৰি কৰিছে আকৌ! “

-“কি কয়হে ? বাৰু, ঘটনাটো আপোনাৰ মুখেই শুনোচোন। আহক, বহক। ঐ, ক’লৈ গ’লি? আন, বাবুলৈ চাহ আন।”

আজি প্ৰণৱবাবু গৈ গৈ নীলগঞ্জ বজাৰৰ একেবাৰে সিমূৰ পালেগৈ। কোনেও একো নুসুধিলে।বজাৰৰ পৰা উভতিবলৈ লৈছে, তেনেকুৱাতে কৰিম মিঞাই চিঞৰি মাতিলে, বাবু, শুনকচোন।

-“কোৱাঁ, কি কথা ?”

-“দুশ এঘাৰ টকা পাবলৈ আছোঁ। আমিতো গৰীব ব্যৱসায়ী। ইমান টকা বাকী দিবলৈ হ’লে  চলিম কেনেকৈ? “

-” দিম।”

-“দিব দিব বুলিয়েইতো আজি তিনি-চাৰি মাহে শুনি আছোঁ।নিবাৰণ সাহাৰ তাত পাবলৈ আছিলো চাৰিশ টকা। হঠাতে এদিন কাকো একো নোকোৱাকৈ ইণ্ডিয়ালৈ গুচি গ’ল।”

-“মই ইণ্ডিয়ালৈ নাযাওঁ। তাত মোৰ কোনো নাই।”

প্ৰণৱবাবুৰ খুব মন গৈছিল লটাৰীৰ কথাটো ক’বলৈ। কিন্তু ক’ব নোৱাৰিলে।

ৰাতি প্ৰায় আঠ বজাত প্ৰণৱবাবু ঘৰলৈ আহিল। একেবাৰে নিজান, ক’তো কোনো সাৰ-সুৰ নাই।শব্দ কৰিবলৈ এটি প্ৰাণীও নাই ঘৰখনত। চাৰিওফালে ঘিটমিটীয়া অন্ধকাৰ। তেওঁ খেপিয়াই খেপিয়াই দুৱাৰৰ তলাটো খুলিলে। লেম্পটো জ্বলালে। ৰাতিৰ আহাৰ টেবুলত ঢাকি  থোৱা আছে। শুকান ৰুটী দুখন, অকণমান ভাজি আৰু তেঁতেলিৰ টক এবাটি। কাষৰে জেঠায়েকৰ ঘৰখনে প্ৰণৱবাবুৰ খোৱাৰ যোগান ধৰে। ৰন্ধা হ’লে তলা খুলি ভিতৰত থৈ যায়হি। বিনিময়ত প্ৰণৱবাবুৱে যেতিয়াই যি পাৰে তেওঁলোকক দিয়ে।

প্ৰণৱবাবুৱে কেৰাচিনৰ ষ্ট’ভ জ্বলাই ৰুটী দুখন গৰমাবলৈ লৈছিল মাত্ৰ, তেনেকুৱাতে সুবল সোমাই আহিল। সুবলৰ লগত প্ৰণৱবাবুৰ দেখা-সাক্ষাৎ নাই বুলিবই পাৰি। যোৱা ছমাহত মাত্ৰ এবাৰ আহিছে সুবল। দুদিন আছিলহি। প্ৰণৱবাবুৱে সেইবাৰ পুতেকক মতা নাছিল। আজি পিছে তেওঁ নিজেই সুধিলে, কেনে আছ সুবল ? 

-“আছো কোনোমতে। তোমাৰ কেনেকুৱা, বাবা?”

-“তই কিবা খাই আহিছ ?”

-“ওঁ, ষ্টেচনত মটন-বিৰিয়ানি খাই আহিছোঁ। জানোৱেই নহয়, এই ৰাতিখন তোমাৰ ইয়াত খাবলৈ একো নাথাকিব বুলি। কি খাইছা তুমি ? ৰুটী ? “

-“ওঁ, ৰুটী। খাবি এখন ?”

-“নাখাওঁ‌।”

প্ৰণৱবাবুৱে ৰুটী চোবাবলৈ আৰম্ভ কৰিলে। সুবলে বাহিৰৰ বাৰাণ্ডালৈ গৈ চিগাৰেট এটা জ্বলালে। প্ৰণৱবাবুৱে আঁ‌তৰৰ পৰাই লক্ষ্য কৰিলে- চিকচিকীয়া চাৰ্ট এটা পিন্ধি আছে যদিও সুবলৰ ভৰিৰ চামৰাৰ জোতাযোৰত তাপলি মাৰি চিলাই কৰা আছে। মেকানিকৰ  কাম শিকি থকা মটৰ গেৰেজটোত কামৰ বিনিময়ত সি ছাগৈ পইচাই নাপায়।

প্ৰণৱবাবুৰ মনত পৰিল- টকা আঢ়ৈশ বিচাৰি দুমাহমানৰ আগতে ভুল ভুল বানানেৰে সুবলে চিঠি এখন দিছিল তেওঁলৈ। তেওঁ চিঠিখনৰ কোনো উত্তৰ নিদিলে। আজিও চাগৈ সি পইচা বিচাৰিয়েই আহিছে।

-“বাবা, চাহপাত আছে নে ঘৰত ?”

-“থাকিব লাগে। হৰলিক্সৰ বটলটোত চাচোন।”

চাহৰ পানী বাকি বাকি সুবলে সুধিলে, বাবা, মোক তিনিশ টকা দিব পাৰিবা? বৰ দৰকাৰ হৈছে।

প্ৰণৱবাবুৱে বহুত পৰলৈ পুতেকৰ মুখলৈ চাই ৰ’ল।

-“বাবা, সাংঘাতিক সমস্যাত পৰিছোঁ মই।”

প্ৰণৱবাবুৱে একো নকলে।

-“বাবা, তুমি কিবা এটা কৰিবই লাগিব।” 

 সুবলৰনো কি সমস্যা হৈছে জানিবলৈ মন গ’ল প্ৰণৱবাবুৰ । কিন্তু তেওঁ মনে মনে থাকিল। কলিকতাৰ শিৱপুৰত থকা তেওঁৰ একমাত্ৰ ছোৱালীজনীও এবাৰ কিবা সমস্যাত পৰিছিল। টকা এহেজাৰ বিচাৰি তায়ো চিঠি এখন লিখিছিল তেওঁলৈ। সৰু চিঠি এখন, যিখন পঢ়ি তেওঁ‌ গোটেই ৰাতি শুব পৰা নাছিল। বহুত ডাঙৰ হোৱালৈ ছোৱালীজনী সদায় তেওঁৰ লগতে শুইছিল। কিমান বেয়াকৈ যে শুইছিল তাই! ভৰিদুখন বুকুৰ কাষলৈ আনি তাতে মূৰটো গুজি শুই থাকে। হাজাৰ মানা কৰিলেও নুশুনে। অঞ্জুৰ সেই কণমানি চিঠিখনৰ উত্তৰো দিয়া নহ’ল তেওঁৰ।  লাজতে দিয়া নহ’ল। সুদীৰ্ঘ এটাকৈ বছৰে তেওঁ সেই চিঠিখন চোলাৰ জেপত লৈ ফুৰিছে। ক্লাছ কৰিছে। পাটীগণিতৰ টান টান অংকবোৰ পানীৰ দৰে সহজকৈ ল’ৰা-ছোৱালীক বুজাই দিছে।

প্ৰণৱবাবু বাৰাণ্ডাত বহিলহি। কি সুন্দৰ জোনাক! 

এন্ধাৰ পাতল হৈ আহিছে লাহে লাহে। বতাহত নেমুফুলৰ গোন্ধ ভাহি আহিছে। গছডালত নেমু নালাগে, অকল ফুলহে ফুলে। গছডালৰ আবদাৰ কৰিবলৈও নহ’ল। আৰু কৰিবই বা কোনে? 

চাহৰ কাপটো হাতত লৈ সুবল বাৰাণ্ডাত ৰ’লহি।

-“বাবা, বৰ ডাঙৰ সমস্যা এটাত পৰিছোঁ।”

সকলোৱে ডাঙৰ সমস্যাতেই পৰে। ছোৱালীজনীক লৈ প্ৰণৱবাবুও ডাঙৰ সমস্যাতেই পৰিছিল। বিয়া দিবলৈ বিচাৰি ল’ৰা এটা নাপায় হে নাপায়। শেষত যেনিবা কেদাৰনাথ বাবুৱে কলিকতালৈ লৈ গৈ বিয়াখন পাতি দিলে। কেনে বা হৈছিল তাইৰ বিয়াখন! দৰাটোক পছন্দ হৈছিল নে নাই জানো পাগলী ছোৱালীজনীৰ? আজি আৰু এইবোৰ কথা জনাৰ কোনো উপায় নাই। এইবোৰ কথা জানো কোনোবা জীয়েকে বাপেকলৈ লিখে? ডাঙৰ ডাঙৰ সমস্যাৰ সময়তহে  বাপেকলৈ চিঠি লিখে ! 

-“বাবা, চাহ খাবা ? দিওঁ?”

-“দে।”

-“চেনি নাই। বিনাচেনিৰ চাহ।”

-“দে অলপ।”

সুবলে দেখিলে, বাবাকৰ চকুপানী ওলাইছে। জানো কি হ’ল! সি অবাক হৈ চাই থাকিল।

-“টকা তিনিশ নাপালে বৰ লাজৰ কথা হ’ব।” 

কথাষাৰ কৈয়েই সুবল তলমুৱা হ’ল। আৰু  সি গম পালে, তাৰ নিজৰো চকু ফাটি পানী ওলাইছে। হঠাৎ তাৰ মুখেৰে ওলাই গ’ল-“বৰ কষ্ট, বাবা!”

কষ্ট!  এৰা, কষ্টইতো! 

-প্ৰণৱবাবুৱে চুটিকৈ হুমুনিয়াহ এটা কাঢ়িলে। 

-“পইচাখিনি যোগাৰ কৰিব পৰা যাব নে, বাবা?”

প্ৰণৱবাবুৱে একো উত্তৰ নিদিলে। আকৌ চকুপানী মচিলে। সুবল দেউতাকৰ কাষ চাপি আহিল। হঠাৎ কি জানো ভাবি সুবলৰ হাত এখনত চেপি ধৰি তেওঁ সশব্দে কান্দি উঠিল।

-“নাকান্দিবা, বাবা। চাওঁচোন, মই নিজেই কি কৰিব পাৰোঁ! তুমি মাত্ৰ নাকান্দিবা।”

-“ছোৱালীজনীক চাবলৈ বৰ মন যায় অ’ সুবল!” 

দুইলাখ টকাৰ টিকট এটা পকেটত লৈ থাকি প্ৰণৱবাবুৱে নিঃস্ব মানুহ এজনৰ দৰে কান্দিবলৈ ধৰিলে। সুবলে তেওঁক বহুপৰলৈ জোৰকৈ সাবটি ধৰি থাকিল। 

সঁ‌চাকৈয়ে তাক তিনিশ টকাৰ বৰ প্ৰয়োজন হৈছিল। সুবলৰ চিঞৰি চিঞৰি কান্দিবলৈ মন গ’ল। কিন্তু সি নাকান্দিলে। উদাস মাত এটাৰে দেউতাকক মাথোন ক’লে-“একো চিন্তা নাই, বাবা। সকলো ঠিক হৈ যাব।”

“একো ঠিক নহয় অ’।

প্ৰণৱবাবুৱে অহৰহ কান্দিয়েই থাকিল। বেৰৰ জেঠী এডালেও টিকটিককৈ তেওঁৰ কথাষাৰকেই সমৰ্থন কৰিলে। 

চৌদিশে  মাছৰ চকুৰ নিচিনা মৰা জোনাক।

Visited 1 times, 1 visit(s) today
Last modified: May 6, 2025
Close Search Window
Close