Written by 9:08 pm Poems

আত্মিক

বিপ্লৱ চুতীয়া

এয়া শলিতা পোৰাৰ সময়

চৌদিশে আচল-নকলৰ বৰ্ণান্ধতা

মোৰ ওঁঠৰ একোণত এচিকুট বেঙুনীয়া আভা

‘বৈকাল’ত থাউনি নোপোৱা অলেখ স্বপ্ন-বাস্তৱ

কালক্ৰমে বুকুত হিমায়িত হয় পৰাণৰ সুহুৰিবোৰ

নিশাহ গধুৰ নিশা বেহেলাতো যাক ফুটাব নোৱাৰি 

যাৰ ভৰত এদিন স্থিতপ্ৰজ্ঞ পাহাৰ খহিবলৈ ধৰে

নৈঃশব্দ ই গ্ৰাস কৰিবলৈ লয় বুকুৰ মালভূমি

মানুহেই একমাত্ৰ প্ৰাণী যাৰ মন-মগজুৱে

অস্বীকাৰ কৰিব পাৰে অন্তৰাত্মাৰ অমৰত্ব

মই দেখিছোঁ, বৃদ্ধাশ্ৰমৰ ককা-আইতাই দেখিছে

ছটফটাই থকা উপেক্ষিত জীয়নবোৰে দেখিছে

যুদ্ধত গুলিবিদ্ধ শিশু,‌ গৰ্ভৱতী মহিলাই দেখিছে

আৱেগহীন যন্ত্ৰাংশ, মৃত-মুমূৰ্ষু্ আত্মা, মানৱতা…

মই মোৰ আত্মাক হত্যা কৰিব নোৱৰা বাবেই

আত্মাই মোক ‘মানুহ’ বুলি গণ্য কৰিছে আৰু 

তেজেৰে গঢ়া পৃথিৱীৰ মানুহবোৰক আত্মীয়,

তথাপি মন অশান্ত! নিশ্চল নৈৰ পানী লৰাই

সূৰ্যাস্ত নোহোৱা কৰিব পাৰি বুলি মিছাতে 

সান্ত্বনা দিবলৈও যে যান্ত্ৰিক আত্মীয়বোৰ

সময়ে চপৰিয়াই আছে ‘কঁপাৰ’ৰ কপাল

কঁপাৰে ভুকুৱাই শুনাইছে বুকুৰ বিলাপ

বিশাল জনাৰণ্যত কিযে কৰুণ একাকিত্ব

যন্ত্ৰৰ ৰঙীণ মায়াত মানুহক বন্দী হ’বলৈ দি

আজি তেৱোঁ অনুতপ্ত, আত্মীয়ৰ অভাৱী…

এই কালসৰ্পই মেৰিয়াই ধৰা মানুহৰ ৰক্ষাৰ্থে 

এতিয়া কোনে দেওধনী দিয়ে, মেছা হৈ নাচে?

ঠিকনা :

আৱাস নং- ৫৮৪, ছেক্টৰ ‘ছি’

বি ভি এফ ছি কলনি, নামৰূপ 

ডাক : পৰ্বতপুৰ-৭৮৬৬২৩,ডিব্ৰুগড়

ম’ বাইল : ৮৬৩৮৯১৯৮৫৪

Visited 6 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close