Written by 8:32 pm Articles

ছেহল’ম ফ্ৰেডমেনৰ দুটি কবিতা


অনুবাদ : ড° ৰঞ্জিত দত্ত

কবি পৰিচয় :  ছেহলম ফ্ৰেডমেন(Shalom Freedman) এজন আমেৰিকান – ইজৰাইলী কবি আৰু চিন্তাশীল লেখক।এজন ইহুদী সাহিত্যিক হিচাপে  তেওঁ মূলত: মানুহ আৰু ভগৱানৰ সেৱাৰ লগতে  মানুহৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ কৰ্মপন্থাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা  সাহিত্য সম্ভাৰে  বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। ১৯৪২ চনৰ জুন মাহৰ ১৭ তাৰিখে আমেৰিকাৰ ট্ৰয় চহৰত জন্ম গ্ৰহণ কৰা এই কবি-সাহিত্যিকগৰাকীয়ে নিউৰ্য়কৰ “বিংহামটন বিশ্ববিদ্যালয়”ৰ “হাৰপুৰ কলেজ”ৰ পৰা ১৯৬৪ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত সেই বিশ্ববিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তাৰ পাছত  “The American-Jewish Novel” বিষয় সম্ৰ্কে গৱেষণা কৰি “কৰ্নেল বিশ্ববিদ্যালয়’ৰ পৰা পি এইছ ডি ডিগ্ৰী লাভ কৰে। সৰ্বমুঠ নখনকৈ গ্ৰন্থ ৰচনা কৰা এই কবিগৰাকীয়ে আধুনিক কবিতাত নতুন পৰীক্ষা নিৰীক্ষাৰে বিশ্ব  সাহিত্যত নিজ স্থান দখল কৰিবলৈ সক্ষম হৈছে।   

কবিতাবোৰক ৰূপকৰ অবিহনেই এৰি দিওঁ আহাঁ

কবিতাবোৰক ৰূপকৰ অবিহনেই

এৰি দিওঁ আহা 

সম্পূৰ্ণ  নিৰাভৰণ আৰু মৌলিক ,

নিশ্চুপ, নিদ্ৰাৰত আৰু নিশ্চল,

শান্ত কৰাঁ কবিতাবোৰক

মাজনিশাও যেন কবিতাই কয়

 আমি টোপনি যাওঁ আহাঁ।

কবিতাবোৰক ৰূপকৰ অবিহনেই

এৰি দিওঁ আহাঁ আৰু

উভতি যাওঁ সেই সহজ শব্দবোৰলৈ

যিমান পাৰে  সিহঁতে কওক

নিজৰ মতেই 

যেতিয়ালৈকে সিঁহত নিজেই

ৰূপক হৈ নপৰে।

(২) মই  হেৰুৱালোঁ মোৰ কবিতাৰ সংগীত

মই হেৰুৱালোঁ  মোৰ কবিতাৰ সংগীত 

চেষ্টা কৰিছোঁ মই 

মোৰ  পুৰণি কবিতাৰ শাৰীবোৰ 

পুনৰ  শুনিবলে,

কিম্বা কবি তেহিলিম আৰু ক’হলেথ,

ষ্টীভেন, কীটছ্, হপকিন্স,

ৱাৰ্ডছৱাৰ্থ , ডিকেন্স

আৰু ছেক্সপীয়েৰৰ কবিতাৰ

সংগীতময় শাৰীবোৰ পঢ়িবলে,

মোৰ কবিতাত কিন্তু  শুনা নাই

কোনোদিন কেতিয়াও কোনো 

সংগীতৰ মূৰ্ছনা,

হয়তো তাত নাছিল

মোৰ কোনো নিজা সংগীত।

মোৰ যি আছিল

সেয়া হয়তো ইয়াতো আছে-

সৰু সৰু গদ্যৰ শাৰীবোৰ

যাৰ আছে এক স্বকীয় লয়

কিন্তু সেয়া কবিতা নহয়

আৰু নিশ্চয়কৈ মোৰ আত্মাই গোৱাৰ দৰে

সমস্বৰে গাব নোৱাৰে গান।

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close