Written by 8:20 pm Poems

বৰষুণৰ কাপোৰ

 মুনীন্দ্ৰ মহন্ত

বেলগছজোপাৰ পাত

কাকিনি তামোলৰ গা

মাটিৰ গোন্ধ

পিন্ধিছিল সকলোৱে

বৰষুণৰ কাপোৰ

শেৱালিজোপাত ফুল নাছিল

জলফাই গছতো নাছিল

ফুল হৈ ফুলিছিল বৰষুণ

দুয়োজোপা গছত

বৰষুণৰ কাপোৰৰ আমেজত

মানুহবোৰে ঢাকিছিল লাজ

তিয়াই দে মন

ঢাকি দে লাজঅ’ বৰষুণ 

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close