Written by 7:42 pm Poems

ওমলা-পদ্য

 অৰুণ গগৈ

ঔ গছত মৌ আছে

পাতি থৈছে টৌ

গছ বগাই ভালুকে

খাই আছে মৌ ৷

বাগৰ সলাই মলুৱাই

মাৰিছে টোপনি

গুণগুণাই ভোমোৰাই

কৰিছে আমনি ৷

মাছ নাপাই মেকুৰীয়ে

গিলিলে বৰলৰ টোপ

হাঁহ ধৰিবলৈ শিয়ালে

গঁড়ালত ল’লে চোপ ৷

জাক পাতি চৰি আছে

এপাল বলধ গৰু

চুৰুহা ৰান্ধিব চিলনীয়ে

বিচাৰি মলা চৰু।

ঠিকনা :

মৰিয়নী, যোৰহাট

ফোন : ৯৭০৭৩৯০৫৪০

Visited 5 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close