Written by 7:28 pm Poems

পুৱাৰ জলপান

মূল (ফৰাচী) : ঝাক প্ৰেভে’ৰ (Jackoes Prevert) 

অনুবাদ : প্ৰশান্ত মিশ্ৰ 

(এলাষ্টেইৰ কেম্পবেলে কৰা ইংৰাজী অনুবাদৰপৰা)

পিয়লাটোত তেওঁ অকণমান ক’ফি ল’লে

ক’ফিৰ পিয়লাটোত তেওঁ গাখীৰ বাকিলে

গাখীৰমিহলি ক’ফি পিয়লাত 

তেওঁ চেনি মিহলালে

ক’ফিৰ পিয়লাটোৰ মিশ্ৰণখিনি তেওঁ

সৰু চামোচ এখনেৰে লৰাই দিলে

তেওঁ ক’ফি খাই খাই

পিয়লাটো থ’লে

মোক এটা শব্দও নোকোৱাকৈ

ক’ফিখিনি শেষ কৰি

তেওঁ পিয়লাটো থ’লে

মোক এটা  শব্দও নোকোৱাকৈ 

তেওঁ এটি

চিগাৰেট জ্বলালে

চিগাৰেটৰ ধোঁৱাৰে 

তেওঁ কুণ্ডলি পকালে

ছাইদানিত চিগাৰেটৰ 

ছাই পেলালে

মোক এটা শব্দও নোকোৱাকৈ

মোলৈ নোচোৱাকৈ

তেওঁ থিয় হ’ল

মূৰত এটা টুপি পিন্ধিলে

এটা ৰেইনকোট পিন্ধিলে

কাৰণ তেতিয়া বৰষুণ দি আছিল

আৰু গুচি গ’ল 

বৰষুণৰ মাজতে

মোক এটা শব্দও নোকোৱাকৈ

মোলৈ নোচোৱাকৈ

আৰু মই দুহাতেৰে মোৰ 

মুখ ঢাকিলোঁ

আৰু উচুপি উঠিলোঁ

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close