Written by 7:24 pm Poems

তলি-উদি

 অৰ্চনা পূজাৰী

লখিমী  চপোৱাৰ পাছত  বাগৰি পৰা নৰানিৰ ওপৰেৰে

হুঁচ হেৰুৱাই পাৰ হৈ গ’ল

সেইজনী কোন

আন কোনো নহয়

পাখি গজা বৰদৈচিলা

ফাগুনে, নে চ’তে সাঁচি থ’লে

তাইৰ কঁকালা হাঁচতিখন 

***

তাইকতো ধৰি ৰখা মস্কিল

বাউলি চিখলা হৈ আকৌ উৰিলে

***

তাইৰ গৃহস্থও নহয় কম

সাতজনী নিগনি খীৰাই খোৱা

ভেম -ভৰকত ওফন্দি ফুৰা

খাট-পাম নোহোৱা ডাঙৰীয়া

উচন যোৱা ভেটিত বহিও

 মোচত তাও দি থাকে

নাও বুৰিলেও সি  নানামে টিঙৰ পৰা

***

একেজনী আই

ঘৰখন ধৰিবলৈ

কৰিবৰ শেষ  নাই

ভু নোপোৱা ভাৰস্ত

আঙুলিৰ মূৰত লেখে

পেটৰ জুই মাৰিবলে’

পাতাল খান্দি ফুৰে

***

চলি-পলিক  চায় কোনে

গেমেহা ভুকু আৰু ঔ-কিলত আটাহ পাৰি মৰে সিহঁতবোৰে

আয়ে ঘৰ-চোতাল-পথাৰ কৰি

তাতঁবাতি কাঢ়ি ঢপলিয়াই ফুৰে

এফালে জুৰিলে আনফালে  ছিঙে

টেকেলিৰ ফুটাবোৰ বাঢ়িয়েই থাকে

***

পিতাইৰ মুৰত বহগুৱা পোকটো

মাহচেৰেকৰ আগতেই লম্ভে

দায়-দায়িত্ব কাটি কৰি

টনটনীয়া বিহুৱাটো হয়

ঢোলৰ বৰটি টানি

বতাহ ফালি থাকে সাতখন গাঁৱৰ

ঘেন খিতা, খিত ঘেন খিতা

খিত ঘেন, খিতা খিতিং দাও

ঘেন খিতা খিত খিত খিত ঘেন-

***

টিপচাকিত তেল শেষ হৈ আহে

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close