Written by 7:24 pm Poems

বেদুইন সখী

 মিণ্টুল হাজৰিকা

খেজুৰ এটাৰ পৰা ওপজি

যি বাটেৰে বুলিছিল বাট

বুকুত লৈ ফুৰা আতৰৰ কুঁৱাটোৰ পৰাই বিলাই দিছিল

এচলুকৈ সুগন্ধি গোলাপ

তেওঁৰ আত্মাৰ গহনত গঢ়ি উঠা

ৰংমহলৰ খিৰিকীয়েদি সোমাই অহা পোহৰে

মেঘৰ চোকোৰা খুটিয়াই ওলাই অহা জোনক

কাগজৰ নাও সাজি উটুৱাই দিছিল

পানীৰ সেওঁতাত

নাওখনৰ সৈতে উটি আহি

যি উপত্যকাৰ ঘাটত চাপিছিল

সেই ঘাট

তেওঁৰ শ্ৰীহৰি বসতি

ইয়াতে মানুহে চকুত পোহে বেলি আৰু জোন

মুখ পখালে য’ত

সেই পানী যুঁৱলিত

ফুটুকী হৰিণীৰ ৰূপৰ জেউতি

সেয়েহে —

পাহৰি গৈছে বেলি ডুবা বুৰঞ্জীৰ ইতিকথা

বুকুয়ে-পিঠিয়ে সৎকাৰ কৰিছে

সেই বুৰঞ্জীৰ প্ৰতিটো পৃষ্ঠা

সখীয়তী ওঁঠত

মোহন বাঁহীৰ মৌ-বৰষা সুৰ লৈ

দুবেলা বিশ্বাসৰ উশাহত

লালন কৰিছে শিলৰ পৰা অনূদিত

সোণাৰু নক্সাৰ আকাশ

সেই মন্ত্ৰধ্বনিয়েই

শৰীৰত প্ৰশান্তিৰ শাখা-প্ৰশাখা

সকলো উৎসৱৰেই এদিন সামৰণি পৰে

তেয়োঁ এদিন সামৰিছিল

অৱচেতন পুখুৰীত যোৰ পাতি চৰা ৰাজহাঁহৰ সপোন

বগাবলৈ সজোৱা পৰম্পৰাৰ জখলাত

শেলুৱৈ বিলাস

অথচ প্ৰেম-বিলাসহীন হৈছিল

তেওঁৰ বুকুৰ পঁজা

বটলৰ পৃথিৱীত ডুখৰীয়া কলিজা তিয়াওঁতে

এদিন কৈছিল—

প্ৰেমিক হ’ব নোৱাৰাতো আছিল তেওঁৰ

ঋতুৰ মন বুজি নোপোৱা

বিশ্বাস কৰক

তেওঁক ভয়ৰ  সিংহই খেদিছিল

যেতিয়া বুকুৰ ধপধপনিটো বহাগৰ বৰষুণত তিতি

আগলৈ বঢ়াই দিছিল জীৱনৰ আয়ুস খোজ

অথচ একঁকাল ননচাকৈয়ে গ’লগৈ

চোলাৰ জেপত লৈ এটা কেঁচা আবেলি

বহুৰৈখিক সুগন্ধি পোহৰ হৈ

বগলীৰ গানটোৰ সৈতে পৱিত্ৰ নৈখনৰ পাৰত

বেদুইন সখী এতিয়া স্মৃতিৰ বগা ফোঁট

***

ভ্ৰাম্যভাষ : ৮৬৩৮২৫৯০৭৩

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close