Written by 7:22 pm Poems

মেঘ ভাঙি কাউৰীবোৰ

 ভাস্কৰ জে নাথ

মেঘ ভাঙি

কাউৰীবোৰ আহিছিল

যেন এক ভয়াৰ্ত সময়ৰ ছবি ছিৰাছিৰ কৰি

মোৰ চকুৰ আয়নাত

কা কা শবদত মই সাৰ পাইছোঁ

কৰ’বাত কিবা এটা যেন অঘটন হ’ব! 

মোৰ তৃতীয় চকুৱে সাৰ পোৱাৰ আগতেই

কাউৰীৰ ক’লাবোৰ কলালৈ ৰূপান্তৰ হৈছে

আৰু মই কেনভাছত ৰং সানিছোঁ

ক’লা মানেই দৈত্য নহয় বুলি মই স্বীকাৰ কৰিছোঁ

আৰু চোৱাঁ এন্ধাৰতো মই তোমাক বিচাৰি পাইছোঁ!

এন্ধাৰৰ প্ৰতি প্ৰীতি জাগিছে

শুই থকা মানুহবোৰক জগাইছোঁ

আৰু কৈছো ব’লা আমি এন্ধাৰক চাই আহোঁ

কাইলৈ পোহৰ হোৱাৰ আগতেই এন্ধাৰৰ প্ৰেমত পৰোঁ!

এন্ধাৰৰ প্ৰেমত নপৰিলে পোহৰ কি কেনেকৈ বুজিম কোৱাঁ!

এন্ধাৰৰো থাকে উচুপনি

যি মই শুনিছোঁ

আপুনিও শুনিছেনে!

(এয়া সান্ত্বনা নহৈ নোৱাৰে

এন্ধাৰক কলালৈ ৰূপান্তৰিত কৰাৰ)

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close