Written by 7:22 pm Poems

এমুঠি হেমন্ত

 মন্দিৰা গগৈ

পাতনি :

– কি দি যাবা ?

– ঝুক’ভেলীৰ ৰামধেনুখন আৰু শিৰুই লিলি ফুল এপাহ !

– কি লৈ যাবা ?

– দুচকুত ঝুক’ভেলীৰ ক্ৰুছডাল আৰু এমুঠি হেমন্ত !

এই পৃথিৱীত কত যে ভ্ৰম ! ভ্ৰমত সত্যৰ আদি আৰু অন্ত । উৰি থাকে স্মৃতিৰ কুঁহিপাত ভোক, ভাগৰ আৰু ধূলিৰ বৰষুণত ।

তেজৰ জাতিংগাত পহৰা দিয়ে আকাশৰ নীৰৱতাই ! এটা তৰাই আন এটা তৰালৈ কঢ়িয়ায় কাৰ বুকুৰ হুমুনিয়াহৰ অৰণ্য !

শেহনিশাৰ উচুপনিত বুৰ যোৱা সময়ৰ স্বৰলিপি !

পাহৰি যাওঁ আহাঁ আমি আমাৰ চিনাকি মাথোঁ

এটুকুৰা মেঘে কাঁচি এখন হৈ আন এটুকুৰাক ৰেপি থকা সময়ৰ

মই এৰি আহিলোঁ অনেক বাট। সৰা সময়ৰ শেষহীন কাহিনী নিলিখিলোঁ কাহানিও গছপাত এখিলাত ! নক’লো কোনো ঋতুৰ উচপিচ আদৰণিত

অন্তহীন যুঁজত বুকুত বৰফৰ বাগিচা ! ওঁঠত দিনান্তৰ ছায়া ! নকঁপে তথাপি আঙুলি তছনছ সময়ৰ হিচাপত ! ম্ৰিয়মান সকলো হালধীয়া

মই যে নহয় মাথো মই ! প্ৰতিটো খোজত ওপঙি আছে অনিচ্ছাকৃত অনেক সংগীত ! টুকুৰা টুকুৰ ফেঁচা এটাৰ চকুৰ শাণিত চাটুকাৰিতা

এই দিন

এই পুৱা

পানী টান চেঁচা

এই সময় বেলি এই পৃথিৱী উদাস হৈ পৰিলেও

তোমালৈ থৈ যাম সান্নিধ্যৰ থাপনাত

শুভকামনাৰ তিনিপাহ বকুল

এমুঠি হেমন্তৰ জোনাক

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close