Written by 10:10 am Poems

বহাগ

গীতাঞ্জলি বৰকটকী 

চ’তৰে শেষতে বহাগে পালেহি

গছে বনে সলালে পাত।

ঢোলটি বাজিলে পেঁপাটি বাজিলে

তত নাইকিয়া গাত॥

আয়ে সূতা কাটিছে

বায়ে সূতা কাটিছে

নেওথনী যঁতৰটি

খৰকৈয়ে ঘূৰাইছে

ভনীটিয়ে তাঁতৰ পাতত বহি

থৈছে গৰকাতে ভৰি

ৰঙা ফুলৰ গামোচা

ব’বই যে লাগিব বিহুটি পালেহি বুলি

খৰকৈ মাকোটি মাৰিছে ভনীয়ে

গামোচাত ফুল তুলি তুলি

উঘা ঘূৰিছে চেৰেকী ঘূৰিছে

দীঘলকৈ চোতালখনিত

বহাগৰ বিহুতে হুচৰি আহিব

আৰ্শীবাদ দিবলৈ বুলি

ৰাইজক সেৱা নকৰনে ভনীটি

গামোচা এখনি দি

ন কাপোৰেৰে মান ধৰিবি

গুৰুজনাক সেৱা কৰি

বহাগৰ প্ৰথম দিনটোতে

চাকিগছি জ্বলাবি

বছৰটো কুশলে যাওক বুলি

সান্দহ ভাজিবি, চিৰা ভাজিবি

লগত পুৰিবি পিঠা

মাটিৰ কলহত ম’

হৰ দৈয়ে থ’

বি

খাই জুৰ পৰিব হিয়া

কোনে দিব ৰাঁচ দোৰেপতি

কোনে আনি দিব সূতা

কোনে দিয়ে যাব সাঁকো বুলি

চোতালত কান্দে তাঁতশালে

বঙালক মাৰিবলৈ

ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া

অসমীয়া শিপিনীয়ে

আঁচুতে বাচিব সপোন ৷৷

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close