Written by 9:35 am Poems

ফাগুন বসন্ততকৈও চোকা

ডেইজী অনুৰঞ্জনা

 চুমা এটিত ভৰ দি ৰৈ থাকে ফাগুন

এযুৰি ওঁঠৰ আকাশত

গান হৈ বাজি থাকে ফাগুন

জপৰা চুলিত কবিতা এটি হৈ

উৰি থাকে ফাগুন!

চিগাৰেটৰ পেকেটত

ধোঁৱা হৈ সোমাই থাকে ফাগুন

একাপ চাহ আৰু আড্ডাত

শ্ৰোতা হৈ বহি থাকে ফাগুন

প্ৰিয় অভিনেতাৰ হাঁহিত

অঙঠা এটি হৈ জ্বলি থাকে ফাগুন!

তেওঁৰ ধুনীয়া আঙুলিবোৰত

আঙঠি হৈ জিলিকি থাকে ফাগুন!

চিটিবাছত ওলমি ওলমি গৈ থাকে ফাগুন!

মোৰ প্ৰিয় বান্ধৱীৰ ওঁঠতো

লাগি থাকে ফাগুন

মাৰ দীঘল চুলিটাৰিতো উমলি থাকে ফাগুন

মোৰ উকা বিছনাখনতো শুই থাকে ফাগুন!

মই মাথোঁ ৰৈ থাকো বিমুগ্ধ হৈ

অতবোৰ ফাগুনক সাবটি

বুকুৰ যুদ্ধ সামৰি!

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close