Written by 9:02 am Poems

মানুহ

মানস প্ৰতিম দত্ত

গছপুলি ৰোৱা মানুহ

বননি-বন্যপ্ৰাণৰ মাতৰ  হেঁপাহ হোৱা মানুহ

কথা কোৱা মানুহ

ভাষণ দিয়া মানুহ

কথা কোৱা মানুহবোৰ কথা ক’বলৈ যায়

আৰু বন্যপ্ৰাণৰ জীৱনৰ সুৰ হোৱা মানুহবোৰ!

বন্যপ্ৰাণৰ সুগন্ধি মাত হোৱা মানুহবোৰ

গুচি যায় চৰাইৰ সুহুৰি বিচাৰি, গছৰ মাত শুনি

গছ-চৰাই-পশুক সুৰ দিয়া মানুহবোৰে 

কথাও কোৱা হ’লে

সঁচা পৃথিৱীখনে শান্তিৰ উশাহ এটা ল’লেহেঁতেন

কিবা এটা ভাল হোৱাৰ তীব্ৰ গোন্ধ এটা সাবটি

সমুখলৈ বাট চালেহেঁতেন!

কথা কোৱা মানুহবোৰে কেৱল ভাষণৰ উৎসৱ নাপাতি

প্ৰতাৰিত গছজোপাৰ কাষত থিয় হোৱা হ’লে

বনৰীয়া চৰাইৰ হাঁহিবোৰক সাহস দিয়া হ’লে

পৃথিৱীখন আনন্দত উথলি আত্মহাৰা হ’লহেঁতেন

কথা কোৱা মানুহবোৰে বননি-বন্যপ্ৰাণৰ কাষত থিয় হোৱা হ’লে!

কাম কৰা মানুহবোৰেও কথা কোৱা হ’লে!

Visited 4 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close