Written by 7:28 am Poems

কবিৰ সংজ্ঞা

 আকাশ দীপ্ত ঠাকুৰ

কবিতা বুলিলেই হ’ব পাৰে প্ৰতিবাদী

নহ’লে নহয় কবি, হয় বেতনভোগী অথবা হিতাধিকাৰী

শোভনীয় নহয় কবিৰ অনুভৱত ফুল-তৰা-গান

মাতত ভাঙিব লাগিব দাঁত

আহক বা নাহক এসাজ ভোকৰ ভাত

কবিৰ হাতৰ মোনাত পাচলি-মাছ

বেতনৰ দোষ, দোষ কবিতাৰ – আগ নুগুণি গুণে পাছ

বিশিষ্ট অশিষ্ট অৱশিষ্ট কবি মঞ্চত

চিপাহী-চন্তৰী অনেক শেনচকুৱা চহৰত

কবিয়ে নেদেখিলেও ফুল ফুলিব, সুবাস বিলাব

মেঘে কান্দিব, জাঁজৰি আঁজুৰিব নৈয়ে

বিনাব পখীয়ে

কবিৰ কলমেদি নৈ বৈ গ’লে পঁজা বুৰিব, ৰজাই হাঁহিব

কুলাই-পাচিয়ে নধৰা দায়ত পচিব প্ৰজা

সকলো বেতনভোগী কবি নহয়, কবিতাই নাভাঙে ৰজা

কংক্ৰীটে কাঢ়িব পাৰে উশাহ

এডিঙি বালিৰ বুকুত নৈ-নিজৰাৰ ঘাট

হেৰাব পাৰে পানীৰ কাঁইট অথবা সেউজী শোভাৰ বাট

অনুভৱ কৰিব নোৱাৰিব কবিয়ে

সেই কবিতা নহয় প্ৰতিবাদ

সেই মাতত নাভাঙে দাঁত

সকলো কবি হ’ব পাৰে হিতাধিকাৰী

সকলো বেতনভোগী হ’ব নোৱাৰে কবি

ফতোৱা জাৰী – মাতত যদি নাভাঙে দাঁত, কবিও নাই তাত

পুনশ্চঃ

সকলো বেতনভোগী কবি নয়, কেউ কেউ হয়

লেখকৰ ঠিকনাঃ

আকাশ দীপ্ত ঠাকুৰ

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট – ১

ভ্ৰাম্যভাষঃ ৮৬৩৮১৬৭৬৩০

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close