Written by 6:59 am Poems

জাগীৰোড কাগজ কলৰ মালিতা

 ময়ূৰাক্ষী মহন্ত শইকীয়া

মৃত এখন নগৰৰ মাজত

বাট বুলি আছিলো আমি

জী থাকোতেই বন্ধ হ’ল

এজাক মানুহৰ উশাহ

বুকুৰ স্পন্দন

ব্যস্ততাৰ খোজ

হৃদয়ৰ অহংকাৰ

অথচ

বন্ধ নহ’ল সিহঁতৰ

ভোক-পিয়াহবোৰ

লাজ মান স্বাভিমান

কিম্বা সুখ দুখৰ মালিতা

তিতাচঁপা আৰু

চেগুনৰ শুকান পাতবোৰত

নাছিল বসন্তৰ উলাহ

এটি এমৰ মণিটৰবোৰ

নিৰন্ধ্ৰ আন্ধাৰত অসহায়

হৈ পৰিছিল

বন্ধ হৈছিল কলঘৰটোৰ

ঘৰঘৰণি

খাদ্যৰ অভাৱত

দুৰ্বল হৈ পৰিছিল

ৰান্ধনিশাল

এডৰা অকামিলা বাঁহে

ৰাউছি জুৰি আছে তাত

অহুকাণে পহুকাণে

বিষাদ্মুখ বতাহৰ মাজে মাজে

বিয়পি ফুৰে এটা খবৰ

মৃত মানুহবোৰৰ ওপৰত

মৃত কলিজাবোৰৰ ওপৰত

গঢ়ি উঠিব এখন নতুন নগৰ

নতুন এটা কলঘৰে

বাহৰ পাতিব

মৰি অহা খোজবোৰ

গতিশীল হৈ পৰিব আকৌ

এটা যুগে দুনাই গাই থাকিব

সুখী জীৱনৰ মালিতা

সভ্য জীৱনৰ গাঁথা

তাৰপিছত …

তাৰপিছত …

মৰি আহিব

পুনৰ এখন নগৰ

এজাক মানুহৰ হৃদয়

এটা কলঘৰৰ ঘৰঘৰণি

ব্যস্ত খোজৰ দপদপনি

নিৰ্জনতাই ছাই কৰি থ’ব

এখন নগৰ

এনেকৈয়ে চলি থাকিব

মৃত নগৰৰ ৰাজনীতি ৷

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close