Written by 6:16 am Poems

অনন্য দিনবোৰ


কবি – বৰিছ পেচটাৰনাক,  ৰাছিয়া

(১৯৫৮ চনৰ সাহিত্যৰ ন’বেল বঁটা )

অনুবাদ : ড° ৰঞ্জিত দত্ত

কেনেকৈনো সুঁৱৰিম 

অয়নান্তৰ সেই দিনবোৰৰ  কথা,

বহু  দিনৰ আগেয়েই

বহুতে লিখি শেষেই কৰিলে

সেই সকলোবোৰ।

একেবোৰকে  বাৰে বাৰে

দোহাৰি থাকিব নোৱাৰি,

সেয়া আছিল অনন্য!

প্ৰতিজনে দোহাৰিছে 

সেই  সকলোবোৰ শত সহস্ৰবাৰ।

দিনবিলাকৰ ভিতৰত

সেয়াই আছিল মাথোঁ দিন

যেতিয়া কোনোবা এজনে

কাৰোবাৰ অনুপ্ৰেৰণাত

আনন্দত উথলি উঠে,

স্থৱিৰ হৈছিল  সময়,

জন্ম হৈছিল বছৰৰ

পাহৰিব নোৱাৰা এক সুবিমল শৃংখল !

আহ্বান জনাব পাৰোঁ মই প্ৰতিজনকে।

বছৰটোৱে এতিয়া

শীতৰ মাজভাগলৈ গতি কৰিছে,

ঘৰৰ  চালবোৰৰ পৰা 

টোপাটোপে সৰিছে নিয়ৰ,

তিতি  আছে বাট -পথ  সকলো,

বৰফৰ ওপৰতে স্থিৰ হৈ আছে সূৰ্যটো।

প্ৰেমিক -প্ৰেমিকাহাল

খৰখেদাকৈ কাষ চাপি গ’ল ,

গছজোপাৰ ওপৰত  

ঘামত  তিতি থকা  চৰাইৰ বাহটোৰ পৰাও

বাষ্পীভূত  হ’ব ধৰিলে পানীৰ  কণাবোৰ,

তন্দ্ৰালু ঘড়ীৰ কাঁটা কেইডাল

আগবাঢ়িছে লাহে লাহে,

যেন চিৰন্তন, অসীম এটি দিন

আৰু তাৰ  অবাধ আলিঙ্গন ।

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close