Written by 6:13 am Poems

অদৃশ্য শিপা

 জ্যোতিনীলিমা গগৈ

শিলৰ কাহিনী কৈ কৈ

খোৰোঙত ফুলবোৰ মৰহি যোৱাৰ দিনা

সম্ভৱতঃ নেৰুডাই লিখিছিল –

‘Tonight I can write the saddest lines’

সৰু এটি হাতৰ মুঠিত

অনন্ত ব্যাপ্ত পোহৰৰ স্ফুলিঙ্গ

শতযোজন বাট কুৰি বাই আহি

চাই থাকোঁ স্মৃতি আৰু বিভ্ৰমৰ খেলা

আন্ধাৰত ফুলি উঠে ফুল

পোহৰত সৰে

পোহৰতকৈ আন্ধাৰ ভাল নে

শূন্যতাত নীৰৱে অপেক্ষা কৰা

অথবা শিলাভূমিত কোমল শস্যৰ গজালি সিঁচা

অৰ্থহীনতাৰে ল’জিক নহয়নে

এই সমস্ত যোগ-বিয়োগৰ সিপাৰে

কেতিয়াও কোনেও ভৰি নোথোৱা

পাহাৰ তলিৰ  বাটত

বনৰীয়া লতা গোলাপবোৰ দোৰোল খাই পৰে

কাঁইটীয়া জোপোহানিৰ মাজে মাজে ক্ষত-বিক্ষত হৈ

নেৰুডাই তেজৰ ৰঙেৰে লিখিছিলনে

পথিকহীন বাটত চৰাইৰ উলাহ সংগীতৰ কথা …

Visited 2 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close