Written by 5:53 am Poems

পানী

 উৰ্মি জুলী শইকীয়া

আজিকালি মই দুখৰ

কথাবোৰ পানীকেই কওঁ

কোনোবা ওচৰত থাকিও নাথাকে

শুনিবলৈ কোনো নাথাকিলেও

মোৰ ক’বলগীয়া থাকে

সেইবোৰ মই পানীকেই কওঁ

কোনোৱে পাহাৰৰ দৰে বিষাদ লুকুৱাই থয় পানীত

কোনোৱে চৰাইৰ দৰে কৰুণ সুৰ 

শৈশৱো লুকাই থাকে পানীত

সকলো পাৰ হৈ বহুত দূৰলৈ আহিলোঁ 

পানীয়ে জানে মানুহ ভাগে কিমান

সেয়ে আজিকালি মই পানীকেই  কওঁ

দুখৰ কথাবোৰ

নদী বিচাৰি যাওঁ

পুখুৰী বিচাৰি যাওঁ

চহৰত তো নাপাওঁ

নদী, পুখুৰী

সেয়ে এবাটি পানীক

দুখৰ কথাবোৰ কওঁ

আৰু চকুপানী টোকোঁ

এতিয়া ভগৱানে জানে

মোৰ কথাবোৰ নি পানীয়ে

কাক শুনায়

ইমান দুখ জমা হৈ আছে

পানীয়ে যদি সাগৰত 

মেলি দিয়ে …!

ঠিকনা :

হেঙেৰাবাৰী অৰুনোদই পথ, গুৱাহাটী, অসম

ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯ 

Visited 1 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close