Written by 4:09 am Poems

গুলজাৰৰ কবিতা

 অনুবাদ: নম্ৰতা দত্ত

(এক)

আলি কেঁকুৰি

এই আলি-কেঁকুৰিটোৰ পৰাই আৰম্ভ হয়

কিছুমান লেহেমীয়া পথ

কিছুমান দুৰন্ত

শিলৰ প্ৰসাদলৈ, আইনাৰ ঘৰলৈ, খেৰৰ পঁজালৈ

মৰুভূমিৰ পিনে আগবাঢ়ি

একোটা পথ হেৰাই যায় মৰীচিকাত

আন এটা দ্বিধাগ্ৰস্ত হৈ উপস্থিত হয়

মৃত্যুশীতল উপত্যকাত

এটা পথা ওখোৰামোখোৰা, কাঁইটেৰে ভৰা

পাৰ হৈ যায় অৰণ্যৰ কাষেৰে

আন এটা দৌৰি যায়, জঁপিয়াই পৰে

অজান শূন্যতাত

সেই আলি-কেঁকুৰিতে মই বহি ৰওঁ

য’ৰ পৰা পথবোৰে যাত্ৰা কৰে

চাৰিওপিনে।

(দুই)

এগৰাকী দেহোপজীৱিনীৰ ছবি

পথাৰৰ মাজত, চেতনাহীন, লুকাই পৰি আছে তাই,

মৃতদেহৰ দৰেই নিস্তেজ, আধামেলা মুখ,

দুকাষৰ মুগ্ধ দৃষ্টিৰ ডেকাৰ মুখলৈ চাই

তাৰ নিৰৱতাত ডুব যায় আৰু এটা কথাকে ভাবে- 

যদি পথচাৰীয়ে মহতিয়াই নিনিলেহেঁতেন মোৰ এই কোষ

মোৰ ল’ৰাও এতিয়া ডেকা হ’লহেতেন

ছোৱালীৰো হ’লহেঁতেন বিয়াৰ বয়স।

***

মূল কবিতা : ‘ক্ৰছিং’ আৰু ‘প্ৰষ্টিটিউট’

গ্ৰন্থ : ‘ছিলেক্‌টেড প’য়েমছ’

অনুবাদকৰ ফোন :  ৯৮৫৪০৯৪৮৮৭

Visited 6 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close