Written by 4:08 am Poems

মোৰ জীৱনলৈ প্ৰেম নাহিল

 মূল : অৰ্ঘ্যদীপ চক্রবর্তী

অনুবাদ : পাপু মজুমদাৰ

সকলোৰে জীৱনত প্ৰেম আহে ঠিকেই

কিন্তু নাজানো মোৰ জীৱনত আহিছিল নে নাই।

মোৰ জীৱনত তুমি আহিছিলা ‘তুমি’ হৈ

সেয়ে হয়তো তেতিয়া জনা নাছিলোঁ প্ৰেম কি,

বুজা নাছিলোঁ প্ৰেমৰ মানে।

এতিয়া আৰু তুমি নাই

গোটেই পৃথিৱী বিচাৰিলেও তোমাক পোৱা নাযাব।

এতিয়া সময়ে মোক সকলো জনাই দিয়ে বুজাই দিয়ে –

প্ৰেম মোৰ ওচৰত উশাহ-নিশাহৰ দৰে হৈ আছে !

ভাবোঁ – মোৰ ইমান ওচৰত প্ৰেম থাকিও

প্ৰেম নাপালোঁ,

প্ৰেমে মোৰ বুকুত মূৰ থলে

কিন্তু হৃদয় নুচুলে।

এতিয়া মোৰ জীৱন ঠিক যেন মৰুভূমিৰ দৰে,

যিয়ে অলপমান বৰষুণৰ আশাত আকাশৰ ফালে অপলকে চাই থাকে!

এতিয়া মোৰ জীৱন ঠিক যেন পৰিত্যক্ত প্ৰাসাদৰ দৰে,

যাৰ পূৰ্বে সকলো আছিল এতিয়া একোৱেই নাই!

এতিয়া মোৰ জীৱন ঠিক যেন পিঞ্জৰাত বন্দী চৰাইৰ দৰে,

যিয়ে কেৱল আশাত থাকে কেতিয়া নীলা আকাশৰ সাক্ষাৎ পাব !

***

পাপু মজুমদাৰ

মাৰফৎ : ৰীতা গোঁহাই

বি. বৰুৱা পথ, আমোলাপট্টি

নগাঁও, অসম

পিন : ৭৮২০০৩

ভ্ৰাম্যভাষ : ৯৮৬৪২০১৭৭৯

Visited 3 times, 1 visit(s) today
Last modified: May 5, 2025
Close Search Window
Close