Written by 7:39 am Poems

ৰাবাৰ ষ্টাম্প

ৰিপুঞ্জয় বৰুৱা ঋমন

বাঢ়ি অহা বেমাৰী পেট এটাক লৈ

মানুহবোৰ দুখী আৰু আশাবাদী !

আশা পালি থাকোঁতেই

হুজুৰে কৰিছে দেশৰ ঠিকাদাৰী

পাঁচোটা বছৰে

গণতন্ত্ৰৰ ৰক্তপান কৰি

বাঢ়ি অহা পেট এটাক মোহাৰি মোহাৰি ।

কালবেলা হুজুৰ আহে

আমাক বিচাৰি

আৰু আমালৈ আনে

ৰাবাৰ ষ্টাম্প মৰা হাজাৰটকীয়া চুক্তি

নিজকে সোধোঁ

ই কেনে মায়া

কিয় কৰোঁ হুজুৰ বন্দনা

পানী বাঢ়ে

মানুহ মৰে

ভৰিৰ তলুৱাত অসহায় গছৰ কুৰুৱা

কথাবোৰ

বাহিৰে বাহিৰে লহপহীয়া

ভিতৰেদি

ভোট গণনাৰ মোনা

কোনোকালে মানুহে মূৰ তুলিব নোৱাৰা !

***

ঠিকনা :

ৰিপুঞ্জয় বৰুৱা ঋমন

৬৯০১৮৫৬০৮৫

কামৰূপ – ১৭

Visited 4 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close