Written by 6:45 am Poems

এজন কবি হ’বলৈ

মূল : জেৰুশ্লাভ ছেইফাৰ্ট ((Jaroslav  Saifert)

১৯৮৪ চনৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপক, চেক গণৰাজ্য

অনুবাদ : ড° ৰঞ্জিত দত্ত

বহুদিনৰ আগতেই

জীৱনে মোক শিকাইছিল

সংগীত আৰু কবিতাই হ’ল

জীৱনে দিব পৰা

পৃথিৱীৰ অতিকৈ ধুনীয়া সম্পদ

অৱশ্যে হয়তো

প্ৰেমক বাদ দি!

ভ্ৰেচলিকিৰ মৃত্যুৰ বছৰতে

ইমপেৰিয়েল ছপাশালে প্ৰকাশ কৰা

এখন পুৰণি কিতাপত

কবিতা আৰু কাব্যিক

অলঙ্কাৰৰ ওপৰত চকু ফুৰাইছিলোঁ,

তাৰ পাছত মই

এপাহ গোলাপফুল

এটি গিলাছৰ ভিতৰত থৈ

এডাল মমবাতি জ্বলাই

জীৱনৰ প্ৰথম কবিতাটো লিখিলোঁ।

উঠলি উঠিল হৃদয়,

শব্দবোৰ অগ্নিশিখা হৈ

উৰিবলৈ ধৰিলে আৰু

মোৰ আঙুলিবোৰো পুৰিল!

এজনী মইনা চৰাইৰ দৰে

সেই ৰূপকবোৰ

হাতৰ আঙুলিত পিন্ধি থকা

আঙঠিটোতকৈ বেছি মূল্যৱান,

পুচমেজাৰ অভিধানৰ

ছন্দোময় শব্দবোৰও যেন

মোৰ কোনো কামত নাহিল।

ভাববোৰ মিছাতে আঁজুৰি আনিলোঁ,

অতি ভীতিগ্ৰস্তভাৱে

চকুযুৰি জপাই দিলোঁ

সেই প্ৰথম যাদুকৰী বাক্যষাৰি শুনিবলৈ,

কিন্তু শব্দৰ বিপৰীতে

আন্ধাৰতে দেখিলোঁ

এগৰাকী নাৰীৰ হাঁহিৰ খলকনি,

আৰু বতাহত ঢৌ খেলা তেওঁৰ চুলিটাৰি।

সেয়াই মোৰ ভাগ্য।

আৰু তাৰ পাছৰেপৰা যেন

দৌৰি আছোঁ মই

বিৰামহীন ভাৱে

মোৰ ওৰেটো জীৱন।

Visited 3 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close