Written by 5:43 am Poems

শামুক

 অনুভৱ তুলসী

সেইদিনা এছাটি বতাহে

গান্ধ-বিৰিণাৰ

জন্মদিন পালিছিল

সেই উছৱলৈ তোমাকো মাতিছিল

বতাহৰ কথা তুমি নোৱৰাঁ পেলাব

গৰখীয়াহঁতে শুনাকৈ

বতাহে বনগীত জুৰিছিল

সেই গীতৰ গৰ্ভত

তাহাঁতে বিচাৰি পাইছিল

পুৰণি পাটনাদ এটা

সেইদিনা দুপৰীয়া

তুমিতো ইয়াত আছিলা

তেতিয়া তুমি তাতো আছিলা

ওমলিবৰ বয়সত তুমি আছিলা ধূলিৰ লগত

বাঁহৰ তৰোৱাল জোকাৰি জোকাৰি

বিজয়ীৰ বচন মাতি মাতি

ওমলিবৰ বয়সত তুমি আছিলা

ধূলিত লুতুৰি তেজৰ লগত

পানীত ভাহি উঠা শবোৰৰ মাজত

নাঙলৰ ফালত লাগি ওলোৱা

হাড়ত উজুটি খোৱাৰ পিছত

তুমি বুৰঞ্জীৰ পাঠ পঢ়িছিলা 

অ’ত ত’ত সিঁচৰতি শিলত

সেইদিনা দুপৰীয়া

তুমিতো তেতিয়া তাত আছিলা

তথাপি তুমি ইয়াতো আছিলা কেনেকৈ 

নে কাল আন্ধাৰৰ কন্ধক খেদি খেদি

তুমি এইখিনি ওলাইছিলাহি

সেইদিনা নীলাচলৰ নিজান আৰু

শিলাময় মাটিৰ শেলুৱৈ বগাওঁতে

যিদিনা শামুকৰ সন্তান-সন্ততিৰ

দিন-দুপৰতে তৰা দেখা

কাঠযুৰি চন্দ্ৰভাগাৰ প্ৰেমিকজনৰ 

কিজানি সূৰ্যৰ সপোনৰ মানুহজনৰো

ঘামৰ দোলা-দাপোণত

বতাহে বিচাৰি পাইছিল

গান্ধ-বিৰিণাৰ জন্মলেখা

Visited 2 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close