দীপিকা শইকীয়া
মানুহে কয়, সকলোৱে লগ এৰে
কেৱল ছাঁটোৱেহে লগ নেৰে
বোলে- “মই আৰু মোৰ ছাঁ”
বৰ পোহৰত, ৰ’দৰ দিনত বাটে-ঘাটে
ছাঁ যায় লগে-ভাগে
ছাঁ পৰে, উঠা বহা কৰে
ইমানবোৰ পোহৰ, ৰ’দ ছাঁ লগত থাকিবলে
পায়নো কোনে ক’ত কেনেকৈ!
অন্ধাৰো যে সমানেই থাকে
দিন-ৰাতি, সময়ৰ গণনা হৈ
আন্ধাৰৰ অস্তিত্বক নেওচি
ছাঁৰ জানো সাহস আছে
লগতে অহৰহ থাকিবলৈ!
ছাঁ থাকে পোহৰতহে
তেজ-মঙহৰ নাইবা জড় দেহৰ তৰংগ হৈ
কাষে কাষে, সমুখতে পোহৰৰ গইনা লৈ
দুচকুৰ স্বস্তি হয় ছাঁ মাথোঁ পোহৰতহে
কিন্তু হিয়াৰ শলিতা জ্বলাব পৰাকৈ
ছাঁ কেতিয়াও নহয়. হ’বওতো নোৱাৰে
আন্ধাৰ বুলিলেই ইতি পৰে সেই ছাঁ৷
Visited 2 times, 1 visit(s) today
Last modified: May 4, 2025