দ্বীপৰাজ
ধন্যবাদ! এইখিনিতে শেষ হওক ! ৰসতে নামষাৰ থ’লে গাজি-মগুৰ
সোৱাদো বাঢ়িব।
সোতোৰা ফুল, খৰাং, শিলে ঠেকেচা টিংপাতৰ ফুটাটো, টকৌপাতে
কটা পূৰ্ণিমাৰ পোহৰ ইয়াৰ পাছত সমাপ্ত ।
ধুমুহাত উভলি পৰা বসন্তৰ শেষৰজোপা এজাৰ এয়া ।
পায়খানাত সোমাওঁতে ইটাৰ বেৰ খহি পৰা দৃশ্য ইয়াৰ পাছত আৰু
নাথাকে!
কবিতাৰ নামত আটাইতকৈ বেয়া কবিতাটো, ফুটা পাইপৰ পানীত
মহানগৰীৰ জাম, ৰিক্সাৰ চকা চদকা খোৱা আজিতেই শেষ ।
যদি লাগে বজাৰত একুৰা জুই কি কৰিম আতা?
– ছাইখিনেৰে চৰু মাজিবি
ঘটে যদি আজিতে দুৰ্ঘটনাবোৰ কি হ’ব আবু ?
– তেজ মচি গছ ৰুবি
বুকুৰ বৈণী বোলো শুনিছা – হাতৰ বুঢ়া আঙুলিটোতে বাটৰুৱাৰ
দেমাকি। নেঠু কিনিবলে ৰাতাৰাতি পঞ্চায়তত ভিৰ । গুৰুপাকী
চাহকাপ আজি বোলে অফাৰৰ আশীৰ্বাদ …
তাকে দেখি খেনোই ফোন পে’ৰ স্কেনাৰক মুখ বিকটাই দিছে। আজি
ভালুক বধি এক চিলিমত শিৱ বাবাক বৰ আঁহতৰ তলত শুৱাই দিম
দায়-দোষ এৰিবা ৰাইজ ৷ খৰিকাৰে এতিয়া দাঁতত লাগি থকা মঙহৰ
গুৰি ঘুকুটিয়াম৷ চিকা গোন্ধ মুখত লৈ চুমা যাচিলে ৰাতিবোৰে
ফেউৰা৷ পচতীয়াৰ ঠানিৰে দীত মাজিবলৈ গৈ অক্সিজেন বিৰোধী
মই হ’ব নোৱাৰোঁ ।
এঙাৰ বিচাৰি গৈ চুই দিওগে’ যদি বাৰদিনীয়া চুৱা?
তেতিয়াটো গোৱৰৰ দাম ইমান বাঢ়িব ইমান বাঢ়িব
লাগিলে চুৱা পাতনিৰেই কাঠি-ঘৰ মছি আনা গোৱৰ নহ’লে চব
নেচেল !!