Written by 4:54 am Poems

বালিচৰ

 এম. কামালুদ্দিন আহমেদ 

প্রতিটো বানে মনত

বালিচৰ একোটা থাপি যায়

অলক্ষিতেই ঘটি আছিল

এই ঘটনা

অৱচেতনত বালিচৰবোৰ

সোমাই আছিল

বানত মানুহ এজন

উটি যোৱাৰ শৈশৱৰ ছৱিখন

আজিও ৰ’দৰ দৰে

জিলিকে

আজি

বালিচৰবোৰ ওলাই আহিছে

এইমাত্ৰ ভূমিস্থ হোৱা

শিশুবোৰৰ দৰে

বালিচৰবোৰৰ গুঞ্জৰণৰেখা

শিশুবোৰৰ কলতানত

মিহলি হৈ যাব 

Visited 2 times, 1 visit(s) today
Last modified: May 4, 2025
Close Search Window
Close