বিভাৰাণী তালুকদাৰ
বহুদিনৰ আগতে সমাপ্তি ঘটা
প্ৰেমৰ বোজা কঢ়িয়াব পৰাকৈ
স্মৃতিও কেতিয়াবা আল্ফা- ফিমেল নহয়
উপন্যাসৰ শেষ পৃষ্ঠাত
যদিও ভাবিব পাৰি
নতুন এক সূচনাৰ কথা
আশা বাদৰ উপস্থিতি তাৰো আগত
ঘৰবিহীন মানুহবোৰ দেখি
মনত পৰে মানুহবিহীন ঘৰলৈ
আহাৰ-নিদ্ৰা-মৈথুন-বিলাসৰ চৌচালিত
অস্পষ্ট হিয়াধুনি মাত
মনৰ অথবা ঘৰৰ খিৰিকীৰ সিটোপাৰে
চিৰায়ত আন্ধাৰত
ৰেডিয়াম ৰেখা হৈ উজলে
সমাপ্তি ঘটা প্ৰেমৰ অন্তিম চুমা
ফুটছাই ফুঁৱাই জুই একুৰা
জীয়ন দি ৰখা জানো সহজ বিষয়
ঠিকনা :
বিকাশ নগৰ, নৰনাৰায়ণ পথ, বৰসজাই,
ঘোঁৰামাৰা, গুৱাহাটী-২৮
ফোনঃ ৯৫০৮৮২৩৮৪৩
Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025