Written by 11:19 am Poems

বধ্যভূমি

 কেশৱ চাউ 

ওপজোঁতে আমি নগ্ন আছিলোঁ 

আৰু যামগৈও নগ্ন দেহাৰে 

তেন্তে ইমানবোৰ প্ৰস্তুতিৰ অৰ্থই বা কি

সীমা গচকি 

মাটি ঠেলি 

কৰিবানো কি 

বাঢ়িব কেৱল এক ইঞ্চি মাটি 

ইপিনে মিৰি

সিপিনে নিচি

ইপিনে আদিবাসী 

সিপিনে দেউৰী 

ৰাভা, বড়ো আৰু কাৰ্বি 

বছৰজোৰা বাদ-বিবাদৰ শেহত 

প্ৰজন্মৰ পাছৰ প্ৰজন্মই 

ইঞ্চি ইঞ্চি মাটিৰ নাম থ’ব 

বধ্যভূমি বুলি 

ঠিকনা : 

স্নাতকোত্তৰ তৃতীয় ষান্মাসিক 

ৰাজনীতি বিজ্ঞান বিভাগ

ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশ ভ্ৰাম্যভাষ : ৮৮১২৯৭২৭৫১ 

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close