নিৰু দত্ত
মোৰ দেউতাৰ ঘামৰ
সোণালী মুকুতা আঘোণ
কুঁৱলীৰ সীপাৰে
শাওণৰ বুকুত লেটি লোৱা
আইৰ কুশলী হাতৰ বাখৰ ।
উদং পথাৰখন বুকুত লৈ
দৌৰি ফুৰে এজাক ল’ৰালি
ৰবাবৰ ফুটবল গুৰিয়াই তহিলং
দদাইৰ কঠিয়াতলি ।
হুৰাই অনা ল’ৰালিয়ে
আখৰত চকু থৈ
সন্ধিয়া বৰশী বায়
আইৰ আখল মলমলাই
টোকণি পুখুৰী চবিয়াই
ধৰি অনা পুঠি-দৰিকণা
বাৰীৰ ন-শাকৰ সানমিহলি।
গোঁসাই ঐ, নৰাই কটা কলাফুলৰ
অম্ল-মধুৰ বিষত মিঠাতেলৰ পৰশ!
নৰা-পেঁপাৰ ৰাগ মাৰ যায়
চেঁচোৰৰ শিপাত ।
শ্বেয়াৰ মাৰ্কেটৰ সূচ্যাংকৰ দৰে
কেৰিয়াৰ নামৰ বাহনত উঠাৰে পৰা
ছেট জিপিটিয়ে খৰকৈ আঙুলি চলায়
ধাৰ কৰা মগজুত
চিন্তাৰ পাক সলাই সলাই
মৰণা এটাই ধান সৰায় ।
এডৰা সোণালী ধান হৈ
আঘোণ আহে দুচকুলৈ
মৌসৰা সপোনতো চকু মুদো
কিজানি ভাগি আহে অবাধ্য সাগৰ।
***
সৰুপথাৰ-৭৮৫৬০১
গোলাঘাট
Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025