Written by 9:35 am Articles

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৭

 (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)

নিজৰা ৰাজকুমাৰী


অভিযান নামৰ চিনেমাখনৰ চিত্ৰনাট্য লিখা আৰু পৰিচালনা কৰাই নহয় সুজিত সিংহই চিনেমাখনৰ চিত্ৰগ্ৰহণো কৰিছিল৷ ককায়েকৰ মৃত্যুৰ পাছত সকলো সম্পত্তি আৰু পৰিয়ালটো কেনেদৰে অসৎ ভায়েকে ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল আৰু খুৰাকৰ কুকৰ্মৰ ফলৰ পৰা উদ্ধাৰ পাবলৈ নীলিম-লিলিহঁতে কিদৰে সংগ্ৰাম কৰিব লগা হৈছিল তাৰেই কাহিনী অভিযান৷ বৈজ্ঞানিক পদ্ধতিৰ কৃষিৰ কথা চিনেমাখনৰ আন এটি উল্লেখ কৰিবলগীয়া কথা বুলি ভাবোঁ৷ কাৰণ ১৯৭৩ চনত মুক্তি পোৱা চিনেমাখনে সেই সময়ৰ চিন্তা আৰু কৰ্মপদ্ধতিৰ আভাসো দিছে৷ বিশ্বনাথ চাৰিআলিৰ বিষ্ণু-জ্যোতি সমবায় চলচ্চিত্ৰ পৰিষদ লিমিটেডে প্ৰযোজনা কৰা অভিযানত অভিনয় কৰিছিল ইলা কাকতি, পূৰ্ণিমা পাঠক, নিপন গোস্বামী, ধীৰু ভূঞা, প্ৰমোদ বৰুৱা, অসীম বোথ্ৰা, ভোলা কাকতি, অমলী হাজৰিকা আদিয়ে৷ কাহিনী লিখিছিল বীৰেন শৰ্মাই৷ সম্পাদনা শিৱ ভট্টাচাৰ্যৰ৷ ১৯৭৪-ত মুক্তি পাইছিল প্ৰবীণ বৰাৰ পৰিণাম৷ বিজয় ফিল্মছৰ বেনাৰত নিৰ্মিত পৰিণামত ইলা কাকতি, ইভা আচাও আদিয়ে অভিনয় কৰিছিল আৰু সঙ্গীত দিছিল ৰমেন বৰুৱাই৷ এইখন চিনেমাৰ বাবে নৱকান্ত বৰুৱাই লিখিছিল—মন যদি নিদিলা/ হৃদয় কিয় ভুলালা/ মিঠা মিঠা সপোনেৰে/ হিয়া মোৰ কঁপালা/ সপোন যে উৰণীয়া…/(কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱা আৰু নীলিমা খাতুনে)৷ নৱকান্ত বৰুৱা আৰু সতীশ দাসে চিনেমাখনৰ গীতকেইটি লিখিছিল৷

 আমি ৰেডিঅ’ শুনা দিনত সঘনাই শুনিছিলোঁ ৰিদীপ দত্ত আৰু ইন্দ্ৰাণী গাঙ্গুলীৰ কণ্ঠৰ এটি গীত— আহাচোঁ আহা/ কাষতে বহা / কোৱাচোঁ কোৱা চেনাই/ কি বুলি মাতিবা চেনাইটি অ’/ কি কথা পাতিবা জিউটি অ’/ যৌৱন অথলে যায়/ নাহাঁহা নামাতা কথাও নোকোৱা কিয়?/ লাজ কৰিছা?/ এৰাচোন ভেমটি/ দিয়াচোন হাত মিলাই।

আচলতে এসময়ত ৰেডিঅ’ই অসমীয়া চিনেমাৰ সুন্দৰ সুন্দৰ গীতবোৰৰ সৈতে আমাক পৰিচয় কৰাই দিছিল৷ ক’বলৈ গ’লে চিনেমাৰ গীতসমূহৰ জনপ্ৰিয়তাই আজিৰ তুলনাত অভিলেখেই গঢ়িছিল৷ ওপৰত উল্লেখ কৰা গীতটি লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈয়ে৷ চিনেমাখনৰ নাম সন্তান ৷ মুক্তিৰ সময় ১৯৭৪ চনৰ ডিচেম্বৰ মাহ৷ পৰিচালক অমৰ পাঠক৷ সন্তানৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপৰ ৰচনাও অমৰ পাঠকৰ৷ অভিনয় কৰিছিল ইভা আচাও, বিজয় শংকৰ, নিপন গোস্বামী, বীণা দাস মান্না ইত্যাদিয়ে৷ চিত্ৰগ্ৰহণ কৰিছিল শংকৰ বেনাৰ্জীয়ে আৰু সঙ্গীত দিছিল প্ৰভাত শৰ্মাই৷ সন্তানৰ পৰিচালকেও চিনেমাখনৰ বাবে গীত লিখিছিল— আকাশৰ বুকুলৈ/ ডাঁৱৰৰ আঁৰে আঁৰে/ চিকিমিকি বিজুলীৰে/ লুকাভাকু খেলিবলৈ/ ভেজাল মানুহ/ ভেজাল সমাজ/ নেওচি নেওচি থৈ (কণ্ঠদান কৰিছিল ৰিদীপ দত্ত আৰু দেৱযানী বৰাই)৷ চিনেমাখনত মহাপুৰুষ মাধৱদেৱৰ এটি বৰগীতো সন্নিৱিষ্ট কৰা হৈছিল৷

এতিয়া কওঁ কোনো বিশেষ পৰিকল্পনা নথকা এজন শিল্পীৰ কথা৷ ছবি আঁকি দেশ-বিদেশ ঘূৰি ফুৰা মানুহজনে হঠাৎ সিদ্ধান্ত ল’লে চিনেমা নিৰ্মাণৰ৷ সেয়া ১৯৭২-৭৩ চন মানৰ কথা৷ চিনেমাখনৰ নাম খোজ (মুক্তিৰ তাৰিখ-২৮ ফেব্ৰুৱাৰি, ১৯৭৫)৷ কেই বছৰমান আগত গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননৰ দুপৰীয়া এটাত তেখেতে অনেক হাঁহি-ধেমালিৰ মাজেৰে আমাক চিনেমা আৰু জীৱনৰ কথাবোৰ কৈ আছিল৷ আমি আছিলোঁ মাথোঁ মুগ্ধ শ্ৰোতা৷ সুধাকণ্ঠ ভূপেন হাজৰিকাই সংগীত কৰিম বুলি কোৱা বাবেই পৰম উৎসাহ আৰু সাহসেৰে জীৱনৰ প্ৰথমখন চিনেমা কৰি পেলাইছিল তেখেতে৷ বেনাৰ- বিন্দু ফিল্মছ আৰু পৰিচালনা, কাহিনী, চিত্ৰনাট্য, সংলাপ আনকি প্ৰযোজনাও একেজন মানুহৰ৷ তেখেত হ’ল পুলক গগৈ৷ অসমীয়া চিনেমা, চিত্ৰশিল্প আৰু ৰাজনৈতিক কাৰ্টুনৰ কথা ক’বলৈ গ’লে যাৰ নাম উচ্চাৰণ নকৰাকৈ বিষয়টো আগবঢ়াব নোৱাৰি তেৱেঁই পুলক গগৈ৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ আদিকে ধৰি অনেক সন্মানেৰে বিভূষিত পুলক গগৈৰ চিনেমাসমূহৰ বেছিখিনিকে অসমীয়া দৰ্শকে মৰমেৰে গ্ৰহণ কৰিছে৷ তেখেতৰ সৈতে প্ৰথম ছবি খোজৰ কথা পাতি থাকোঁতে কিছু আশ্চৰ্যৰেই সুধিছিলোঁ- ভূপেন হাজৰিকাই সংগীত কৰিম বুলি ক’লে কাৰণেই ইমান ডাঙৰ ৰিস্ক্ লৈ ল’লে? ওলোটাই তেখেতে মোক মৰমভৰা ধমকেৰে কৈছিল– হেহ! ভূপেনদাৰ কথাখিনি কি অলপ প্ৰেৰণা নেকি! হৈ গ’ল এটা অমৰ গান- চিনাকি মোৰ মনৰ মানুহ/ তোমাৰ বাবেই জনম লভিছোঁ… খোজৰ গান শুনিছানে নাই?

কতবাৰ শুনিছো খোজ চিনেমাৰ গান হিচাপ নাই৷ পৰীক্ষাৰ পাছত গাঁৱত থাকিবলৈ অহা হোমেনৰ কমলাৰ প্ৰতি অনুৰাগ আৰু তাৰ ফলত নিৰ্দোষী কমলাই ভোগা শাস্তিৰ বাবে অপৰাধবোধত দগ্ধ হোমেন, হোমেনে চাকৰি কৰিবলৈ গৈ লগ পোৱা জয়াৰ কঠিন জীৱন সংগ্ৰাম আদিৰে ভৰপূৰ খোজ ৷ কোৱা হয়, অসমীয়া ভাষাত নিৰ্মিত সমান্তৰাল ধাৰাৰ আৰম্ভণিৰ ছবিসমূহৰ ভিতৰত পুলক গগৈৰ খোজ অন্যতম৷ অভিনয় কৰিছিল মেহতাব হুছেইন, ইন্দ্ৰ বনিয়া, বিৰিঞ্চি ভট্টাচাৰ্য, দীপিকা আৰন্ধৰা, চাকিৰ হাজৰিকা, অমলা কটকী আদিয়ে৷ অতিথি শিল্পী হিচাপে বিজয় শংকৰেও ভুমুকি মাৰিছিল৷ পুলক গগৈয়ে কৈছিল – জীৱনৰ প্ৰথমখন চিনেমা খোজক মই অমৰ চিনেমাৰ ৰূপত নিৰ্মাণ কৰিব নোৱাৰিলেও ভূপেনদাই কথা ৰাখিলে- সংগীত অমৰ হ’ল৷ এৰা, ভূপেন হাজৰিকাৰ কথা আৰু ঊষা মংগেশকাৰৰ কণ্ঠত চিৰসেউজ হৈ ৰ’ল – মণি বুলি কালসাপ ডিঙিতে পিন্ধিলোঁ/ ভুলকেই ফুল বুলি খোপাত গুজিলোঁ/ তুমি দেখিছানে নাই মই নাজানিলোঁ/ তুমি আছা সিটো পাৰে ইপাৰে যে মই/ দুয়োৰে মাজত বয় সোঁৱৰণী নৈ/ সাঁকো দেখিছানে নাই মই নাজানিলোঁ/ চিনাকি মোৰ মনৰ মানুহ/ তোমাৰ বাবেই জনম লভিছোঁ৷ তদুপৰি কেনেকৈ পাহৰিম—জিলমিলীয়া কোমল বালি/ তাহানিৰ কথা কিয় আজি শুনালি/ তাহানিৰ কাহিনী কিয় শুনালি…/ বুকুতে মিঠা মিঠা সুৰ ঢালিলি/…বালিমাহী বালিমাহী বালিমাহী/ তই দেখোন কৱ আজি হাঁহি হাঁহি/ উভতি নবয় সময় নদী/ নুফুলে সৰা পাহি (কণ্ঠ -ঊষা মংগেশকাৰ, ড° ভূপেন হাজৰিকা)৷ পাছত জানিছিলোঁ যে ৱাশ্বিংটনত পতা চিত্ৰ প্ৰদৰ্শনীত নিজৰ ছবি বিক্ৰী কৰা ধনেৰে পুলক গগৈয়ে খোজ প্ৰযোজনা কৰিছিল৷ এইখিনিতে পুলক গগৈৰ মাতৃ গুণবালা গগৈৰ বিষয়ে একাষাৰ ক’বই লাগিব৷ চল্লিছৰ দশকত গুণবালা গগৈ আছিল অসমীয়া গ্ৰামোফোন ৰেক’ৰ্ডৰ গায়িকা৷ জেৰেঙাৰ সতী, লাচিত আদি ৰেক’ৰ্ডত গুণবালা গগৈয়ে কণ্ঠ দিছিল৷ সেই মাতৃৰেই সুযোগ্য সন্তান পুলক গগৈ৷

 (ক্ৰমশঃ)

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close