Written by 9:34 am Poems

পদ্মাসনত

 ৰত্নোত্তমা দাস বিক্ৰম

পাহাৰত আজি পূৰ্ণিমা

বগা, ছঁয়া-ময়া জোনাকৰ টঙিজাল এখন

শীতৰ ৰাতিৰ পাহাৰ

দূৰৰ সৌ ওখ টিঙত বহি কোন সেয়া?

শিৱ?

তেওঁৰেই চিলিমৰ ভাঙৰ ধোঁৱাই ছানি ধৰা চৌপাশ

বুদ্ধ?

কিজানি বুদ্ধ 

তেওঁ কোৱা ভৱকূপৰ মায়াইহে ছানি আছে চৌপাশ

নিজান-নিতাল ৰাতি

নিয়ৰ সৰা শুনিছোঁ

চকু মেলাঁ শিৱ

কিজানি অকণ পোহৰ হয়

চকু মেলাঁ বুদ্ধ

কিজানি তোমাৰ পোহৰত তোমাক দেখা পাওঁ

পূবে বগাডাঁৰ নিদিয়ালৈকে 

ঠেঁটুৱৈ শীতত আজি বহি ৰ’ম

ভাঙৰ ধোঁৱাৰ দৰে

ভৱকূপৰ মায়াৰ দৰে 

এই শীতৰ ৰাতিৰ কুঁৱলীৰ কুণ্ডলী আঁতৰিলেই

মই জুপি জুপি চাম

পদ্মাসনত কোন সেয়া

ইমান নিৰ্লিপ্ত

ইমান নিঃসংগ

***

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close