পাপৰি গোস্বামী
মোৰ মনত আছে, প্ৰথমবাৰৰ বাবে যেতিয়া মই এইখন চহৰলৈ আহিছিলোঁ, বৰ্তমানৰ দৰে চাৰিওফালে বিশাল বিশাল অট্টালিকাবোৰ নাছিল৷ অৱশ্যেই, দুই-তিনি মহলীয়া কেবাটাও ঘৰ নিৰ্মিয়মান অৱস্থাত আছিল৷ অটোচালকজনে আমি কোৱা মতে নিৰ্দিষ্ট ঠিকনালৈ লৈ আহিছিল৷ পুৰণি কাঠৰ দুমহলীয়া ঘৰটোৱেই আমি বিচাৰি অহা ঠিকনাটো৷ প্ৰকাশৰ সৈতে মোৰ বিয়াৰ চাৰি মাহো হোৱা নাছিল তেতিয়া৷ প্ৰকাশৰ ট্ৰেন্সফাৰৰ খবৰটো পাই দেউতাই ফোনযোগে জনাইছিল যে চহৰখনত দেউতাৰ সম্পৰ্কীয় মোমায়েকৰ এটা ঘৰ আছে৷ এনেয়ে তাত কোনো নাথাকে এতিয়া৷ ঘৰটো চোৱা-চিতা কৰাৰ বাবে ল’ৰা এটা ৰাখি থৈছে৷ মাজে মাজে মোমায়েকে ব্যৱসায়ৰ কামত অহা-যোৱা কৰি থাকে৷ তাত গৈ পাই যেন জোঁৱায়েকৰ সৈতে মই গৈ এবাৰ দেখা কৰোঁ৷ তিনিটা কোঠালিৰ ভাড়াঘৰটো থান-থিত লগাই আমি দেউতাই দিয়া ঠিকনামতে ককাদেউতা মানে দেউতাৰ সম্পৰ্কীয় মোমায়েকক দেখা কৰিবলৈ আহিছিলোঁ৷
অটোচালকক বিদায় দি গেটখন খুলি ভিতৰলৈ সোমাই অলপ অপ্ৰস্তুত হ’লোঁ৷ দিনৰ এঘাৰ বজাতো ভিতৰখন প্ৰায় অন্ধকাৰ৷ কলিং বেলটো বজাই দিয়াত এজন পঁচিশ-ছাব্বিশ বছৰীয়া ল’ৰাই খটখটিৰে নামি আহিল৷ আমি দেউতাৰ মোমায়েকৰ মানে মোৰ ককাদেউতাৰ লগত মোৰ সম্পৰ্কৰ কথা কোৱাত আথে-বেথে মাতি ওপৰলৈ লৈ গ’ল৷ প্ৰথম কোঠাটো আলহী বহা কোঠা৷ তাতেই আমাক বহিব দি ক’লে যে ককাদেউতা অলপ দৰকাৰী কামত ওলাই গৈছে৷ আধাঘণ্টামান পিছতে আহি পাব৷ আমি যোৱা কথাটো হয়তো দেউতাই জনাইছিল৷ ভগীৰথ, মানে ল’ৰাজনৰ কথাবতৰাৰ পৰা তেনে অনুমানেই হ’ল৷ ককাদেউতাই হেনো সেইদিনা ৰাতিয়েই কলকাতালৈ যাব৷ অলপ সময় পিছতে ভগীৰথে চাহ-জলপানেৰে ভৰা ট্ৰে এখন আনি সন্মুখৰ টেবুলত থ’লে৷ বৰ কথকী ল’ৰাজন৷ কথাই কথাই ওলাল যে, ভগীৰ ঘৰ প্ৰকাশহঁতৰ মোমায়েকৰ কাষৰ গাঁওখনতে৷
কমেও পঞ্চাশবছৰীয়া ঘৰটো দেখিলে এনে লাগে যেন কেৱল ব্যৱসায়িক স্বাৰ্থতহে ঘৰটো সজা হৈছিল৷ সাধাৰণতে, পুৰণি অভিজাত পৰিয়াল কিছুমানৰ কাঠৰ দুই-তিনিমহলীয়া ঘৰবোৰ যেনেধৰণৰ হয়, এই ঘৰটো ঠিক তেনে নাছিল৷ তলৰ মহলাত কোঠা বুলিবলৈ কেৱল এটাই৷ এফালে দুটা গা ধোৱা ঘৰ আৰু শৌচালয়৷ বাকী অংশ খালী৷ হয়তো গাড়ী ৰাখিবলৈ ব্যৱহাৰ হয়৷ তলত থকা কোঠাটো বেচ ডাঙৰেই৷ ষ্টোৰৰুম হিচাপে ৰখা হৈছে৷ কাষেৰে ওপৰ মহলালৈ কাঠৰ খটখটি৷ ওপৰত তিনিফালে দীঘল বাৰাণ্ডা লোহাৰ ৰেলিং দিয়া৷ এফালে খোলা৷ পাকঘৰটো মিলি মুঠতে পাঁচটা কোঠা৷ প্ৰতিটো কোঠাৰ পৰাই বাৰাণ্ডালৈ একোখন দুৱাৰ৷ অৰ্থাৎ, কোঠাবোৰ কোনোটোৰ লগতে কোনোটো সংলগ্ন নহয়৷
ককাদেউতালৈ অপেক্ষা কৰি থকা সময়খিনিতে প্ৰকাশৰ লগত ভগীৰথৰ বন্ধুত্ব হৈ গৈছিল৷ মই বাৰাণ্ডালৈ ওলাই আহি চাৰিওফালে চাই থাকোঁতে হঠাতে এটা কোঠাৰ দুৱাৰ খুলি এগৰাকী পুৰুষ ওলাই আহিল৷ মই চক্ খাই উঠা বুলি গম পাই তেওঁ বৰ নম্ৰভাৱে মোৰ মুখলৈ চাই লাহেকৈ ক’লে, ‘ছৰী’৷ অবিনস্ত্য কেকোঁৰা দীঘল চুলিৰে পিন্ধনত জিনছ্ আৰু জোখতকৈ ডাঙৰ বগা কামিজ৷ বয়স হয়তো চল্লিছৰ ওচৰে পাজৰে৷ হাতত কাগজৰ দীঘল নুৰা আৰু কান্ধত দীঘল কাপোৰৰ মোনা এটা লৈ মানুহজনে এইবাৰ ভগীক চিঞৰি তেওঁৰ যে আহোঁতে পলম হ’ব কৈ কৈ খৰধৰকৈ খটখটিৰে নামি গ’ল৷ ভগীয়ে মানুহজন যোৱাৰ পিনে চাই কিবা ভোৰভোৰালে৷ দেখিলেই বুজিব পাৰি যে ভগী মানুহজনৰ প্ৰতি অলপ অসন্তুষ্ট৷
ককাদেউতাই আমাক পাই বৰ ভাল পালে৷ দেউতাৰ সৈতে জড়়িত পুৰণি স্মৃতি ৰোমন্থন কৰিলে৷ এই ঘৰটোৰ বিষয়ে, ভগীৰ পৰিচৰ্য্যাৰ বহু কথা ক’লে যদিও ঘৰটোত থকা তৃতীয় ব্যক্তিগৰাকীৰ বিষয়ে একো নকলে, ময়ো নুসুধিলোঁ৷ পিছলৈকেও তেখেত থকা দিনকেইটাত প্ৰায়েই আমি গৈছিলোঁ৷ পৰিৱেশটো সহজ কৰি তুলিছিল ভগীৰ আত্মীয়তাই৷ দ্বিতীয় নে তৃতীয় দিনা মানুহজনৰ সৈতে ককাদেউতাই চিনাকি কৰি দিছিল৷ তেওঁ এগৰাকী চিত্ৰকৰ আছিল৷ আৰ্ট স্কুল দুখনমানত ক্লাছ লয়৷ ইতিমধ্যেই চিত্ৰকৰ হিচাপে ৰাজ্যত তেওঁ কিছু খ্যাতি লাভ কৰিছে৷ তাৰোপৰি, কেইবাখনো আলোচনীৰ সম্পাদনাৰ লগতো জড়িত হৈ আছে৷ কোঠাবোৰ এনেয়ে পৰি থাকে বাবে ককাই থাকিবলৈ দিছিল৷ কেৱল খোৱা-বোৱাৰ খৰচ কিবা এটা দিব বুলি বন্দোৱস্ত হৈছিল যদিও চিত্ৰকৰে কেতিয়াও দিয়া নাছিল৷ এই লৈ ভগীৰ অসন্তুষ্টি৷ তাৰোপৰি, ককা নথকা দিনবোৰত চিত্ৰকৰে হেনো ভগীৰ ওপৰত মালিকীস্বত্ব খটুৱাই৷ এয়া ভগীৰ কথা৷
ককাদেউতা নথকাৰ দিনতো ভগীৰ অনুৰোধত ঘৰটোত আমি মাজে মাজে গৈ থাকিলো৷ লাহে লাহে চিত্ৰকৰ আমাৰ সৈতে সহজ হৈ পৰিছিল৷ সন্ধিয়া সময়ত গ’লে তেখেতক প্ৰায়েই ল’গ পাইছিলোঁ৷ কোঠাৰ পৰা ওলাই আহি আমাৰ সৈতে বহে৷ তেওঁৰ কথা-বতৰাবোৰে বিভিন্ন বিষয়ৰ মাজেৰে গৈ গৈ শেষত চিত্ৰক’লাৰ ওপৰতে ৰৈ যায়৷ স্বাভাৱিকতে, প্ৰকাশ বিৰক্ত হয় আৰু তেওঁ ভগীৰ লগত কথা পাতিবলৈ চেলু একোটা উলিয়াই লৈ বাহিৰলৈ ওলাই যায় ৷
: তুমি ভিন্সিৰ ‘ দ্য ভাৰ্জিন অৱ দ্য ৰ’ক’ চিত্ৰখন দেখিছানে?
তেওঁ সুধিছিল৷ ইতিমধ্যে, বয়সত যথেষ্ট সৰু বুলি জানি ‘তুমি’ সম্বোধনলৈ আহিছিল৷ মই কান্ধ দুটা জোকাৰি কৈছিলোঁ
: না, মই কেৱল ‘ম’নালিজা’ আৰু ‘দ্য লাষ্ট চাপাৰ’ এই দুখন হে দেখিছোঁ৷
: মোৰ হিচাপে ‘দ্য ভাৰ্জিন অৱ দ্য ৰ’ক’ চিত্ৰখন ভিন্সিৰ সৰ্বোত্তম কৃতি৷ কিন্তু, তুমি বা বিশ্বৰ প্ৰায় সকলোৱে ভিন্সিক তুমি উল্লেখ কৰা চিত্ৰ দুখনেৰে হে চিনি পায়৷
ভেন গ’গৰ পৰা এম এফ হুছেইনলৈকে মহান চিত্ৰকৰসকলৰ জীৱন দৰ্শনৰ সৈতে চিত্ৰসমূহৰ বিষয়বস্তুৰ মিল-অমিলৰ ওপৰত একো একোটা গুৰু গম্ভীৰ বক্তব্য ৰাখে৷ মুৰ দুপিয়াই থকাৰ বাদে একো কৰিবলগীয়া নাছিল মোৰ৷
এদিন আমাক তেওঁৰ কোঠালৈ মাতি নিছিল৷ এজনীয়া সৰু বিচনা এখন , টেবুল এখন আৰু দুখন চকীৰ বাহিৰে বেলেগ আচবাব নাছিল৷ চাৰিওফালে বিশৃংখলভাৱে পৰি আছিল ৰং, ব্ৰাছ, কেনভাছবোৰ৷ দুখন মান অসমাপ্ত কেনভাছ মজিয়াত পৰি আছে৷ বিচনাখনৰ বিপৰীত দিশৰ বেৰত এগৰাকী বিশ-একৈশ বছৰীয়া যেন লগা সুন্দৰী নাৰীৰ ছবি৷ চকু দুটা সাগৰৰ দুচামুচ নীলা৷ বগা চেলোৱাৰ কামিজ পৰিহিতা নাৰীৰ নীলা ওৰণাখনে বুকুৰ এফাল ঢাকি আছে৷ ঢৌ খেলা কজলা ঘবৰণীয়া দীঘল চুলি, কাণত মুক্তাৰ কাণফুলি৷ স্নিগ্ধ, সৌম্য ৰূপ এটা৷ বিশৃংখলতাৰে ভৰি থকা কোঠাটোত যেন খাপ নোখোৱা কিবা এটা৷
: কোন এখেত?
ছবিখনলৈ চাই থাকি মই সুধিছিলোঁ৷
: এয়া মোৰ প্ৰেমিকা৷ মোৰ প্ৰেৰণা৷ মোৰ কৰ্ম, মই জীয়াই থকাৰ প্ৰেৰণা৷
এক প্ৰকাৰ নাটকীয় ভংগীৰে তেওঁ কৈছিল৷ মনতে তেওঁৰ সৈতে ছবিৰ নাৰী গৰাকীৰ বয়স মিলাই চাইছিলোঁ৷ ভগীয়ে চাহ লৈ আহিছিল৷
: ইহ, বেটা চল্লিছ বইছৰা বুঢ়া এটা৷ তাক আৰো লাগে আশ্বৰ্য্য ৰাইক৷ দুইদিন পাছত দেৱদাস হৈ ঘূৰি ফুৰবি যা… ৷
ভগীয়ে ভোৰভোৰাইছিল৷ ভগীৰ কথাকেইটাই আমাক বহুদিনলৈ হাঁহিৰ খোৰাক দিছিল৷ ভগীয়ে কোৱা মতে, ছোৱালীজনীয়ে হেনো চিত্ৰকৰৰ পৰা প্ৰশিক্ষণ লৈছিল৷ সেয়াই আৰম্ভণি, মাহেকে পষেকে ছোৱালীজনীয়ে ইয়ালৈ আহে৷ সেই দিনবোৰত চিত্ৰকৰে পাকঘৰত ভগীৰ ঠাই লয়৷ প্ৰেমিকাক সন্তুষ্ট কৰাৰ চেষ্টা কৰে৷ খোৱা-শোৱা বাদ দি বহুকেইখন ছবি কেৱল ছোৱালীজনীৰ বাবেই আঁকিছে৷ পিছে ছোৱালীজনীয়ে হেনো চিত্ৰকৰক জখলা হিচাপেহে ব্যৱহাৰ কৰিছে৷
প্ৰায় এবছৰত ঘৰটো আৰু ভগীৰথ আমাৰ আপোন যেন হৈ পৰিছিল৷ ইতিমধ্যে, প্ৰকাশৰ পুনৰবাৰ ট্ৰেন্সফাৰৰ অৰ্ডাৰ হৈছিল৷ এইবাৰ পোষ্টিং অসমৰ বাহিৰত হৈছিল৷ ঠাইখন এৰাৰ আগদিনা শেষৰবাৰৰ বাবে ঘৰটোলৈ গৈছিলোঁ৷ ককা নাছিল৷ ভগীৰ কাৰণে কিবা কিবি উপহাৰ লৈ গৈছিলোঁ৷ ভগীয়ে শেষৰ বাৰৰ বাবে জুতি লগাকৈ মাছৰ টেঙা আৰু কলফুলৰ ঘণ্ট ৰান্ধি খুৱাইছিল৷ ৰাতি ভালেমান হৈছিল৷ বহুপৰ ৰৈ আছিলোঁ চিত্ৰকৰৰ বাবে৷ কিন্তু তেখেত আহি নোপোৱাত আমি গুচি আহিলোঁ৷ পিছদিনা, ভগীয়ে আমাক বিদায় দিবলৈ আহি এটা পেকেট মোৰ হাতত দি কৈছিল,
“বুঢ়াটুই দিছি দেখুন তুমাক গেলি”৷
দুখন তেখেতৰ সম্পাদনাত প্ৰকাশিত আলোচনী৷ তাৰ মাজত এখন তেওঁ নিজে অঁকা ছবি৷ তলত সৰুকৈ লিখা আছে “দ্য ভাৰ্জিন অৱ দ্য ৰ’ক”, জাষ্ট ট্ৰায়িং৷.
বহুদিনলৈ ভগীৰ সৈতে ফোনেৰে যোগাযোগ চলি আছিল৷ চিত্ৰকৰৰ ওপৰত তাৰ বিৰক্তি হয়তো চৰম পৰ্য্যায় পাইছিল৷ ভগীৰ কথাবোৰত গম পাইছিলোঁ৷ তাৰ পাছত লাহে লাহে যোগাযোগ কমি আহিছিল৷ লেণ্ডলাইন ফোনবোৰো নোহোৱা হ’বলৈ ধৰিছিল৷ এবাৰ ঘৰলৈ যাওঁতে শুনিছিলোঁ ককাদেউতা হাৰ্ট এটেক হ’ল৷ ঘৰটোৰ স্বত্ব লৈ পৰিয়ালৰ মাজতে কিবা কেছ চলি আছে৷ ভগীৰথে হেনো গুৱাহাটীত অটোৰিক্সা চলায়৷ পিছত বহুবাৰ চেষ্টা কৰিও ভগীৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলোঁ৷
প্ৰায় বাইছ বছৰ পিছত ঘটনাক্ৰমে ঠাইখনলৈ আহিলোঁ৷ বহুত সলনি হৈছে ঠাইখন৷ মনত পিছে পুৰণি কথাবোৰ সজীৱ হৈ পৰিল৷ পুৰণি কাঠৰ দুমহলীয়া ঘৰটোৰ ঠাইত এতিয়া বাৰমহলীয়া এপাৰ্টমেণ্ট এটা৷ কাষৰ ঘৰবোৰো চিনিব নোৱাৰা৷ চিত্ৰকৰৰ আৰ্ট স্কুলখন এতিয়াও তেনেদৰেই আছে৷ আমাৰ সন্মুখেৰে কেইটামান ল’ৰা-ছোৱালী ওলাই গ’ল৷ হয়তো ক্লাছ শেষ হৈছিল৷ সোমাই গ’লোঁ৷ বাইছ বছৰ আগত যেনেদৰে পাইছিলোঁ, ঠিক তেনে হৈয়েই আছে তেখেত৷ দুটাকৈ যুগে যেন একো প্ৰভাৱ পেলাব পৰা নাই তেখেতৰ ওপৰত৷ আমাক দেখি উৎফুল্লিত হৈ উঠিল৷ ভগীৰ কথাও ওলাল৷ দুটা কোঠাৰ ঘৰটোৰ এটা কোঠাত আৰ্ট ক্লাছ কৰে৷ আনটোত তেওঁৰ ব্যক্তিগত অকলশৰীয়া জীৱন৷ একেই বিশৃংখল কোঠা এটা৷ এচুকত ৰন্ধা-বঢ়াৰ ব্যৱস্থা৷ দৈন্যতাৰ চিন পৰিস্ফুট৷ মোৰ মন গৈছিল তেওঁৰ প্ৰেমিকাৰ বিষয়ে জানিবলৈ৷ কোঠা দুটাৰ চাৰিওফালে চকু ফুৰালোঁ৷ বিচাৰি থকা ছবিখন নেদেখিলোঁ৷ হঠাতে এখন কেনভাছত কিশোৰী এগৰাকীৰ অসম্পূৰ্ণ ছবি৷ চকু দুটা চিনাকি চিনাকি লাগিল৷ মনত পৰাৰ দৰে মই তেওঁৰ চকুলৈ চালোঁ৷
“মোৰ প্ৰেমিকা৷ মোৰ তপস্যা৷ জীয়াই থকা বাসনা” তেওঁ ক’লে৷ একেই নাটকীয় ভংগীৰে৷ চকু দুটাত এক উজ্জ্বল তিৰবিৰণি৷
“অৰ্ধ সম্পূৰ্ণ যে..!”
নিজেই যেন নিজকে ক’লোঁ৷
“এইখন কেতিয়াও সম্পূৰ্ণ কৰা নহ’ব৷ আৰু সম্পূৰ্ণ নোহোৱালৈকে মোৰ তপস্যা চলি থাকিব৷”
তেওঁৰ উত্তৰত অন্তহীন উদ্দীপনা৷
সন্মোহিত হৈ চাই ৰ’লোঁ৷ প্ৰেমে কি কৰিব নোৱাৰে..!
উভতি আহি থাকোঁতে প্ৰকাশে ভগীৰথে কোৱাৰ দৰে কৈ হাঁহিলে , “বেটা ষাঠি বইছৰা বুঢ়া, তাক লাগে আলিয়া ভট্টক”৷
মই তেতিয়া চিত্ৰকৰৰ তিৰবিৰাই থকা চকু দুটাত জীৱনটো বিচাৰি আছিলোঁ৷
*****
ঠিকনা :
পাপৰি গোস্বামী
গোলোকগঞ্জ, ধুবুৰী
ফোন নম্বৰ : ৯৭০৬৯১১৫৩৩
৭০০২৬২০৫০০