অৰ্চনা ঠাকুৰীয়া
প্ৰায়ে আমি ভ্ৰমত ডুবোঁ
ভ্ৰমতে মৰোঁ
কোনোবাই কাৰোবাৰ মাজত প্ৰেৰণা বিচাৰি
হাবুদুবু খাই পিছলি পৰে
প্ৰেৰণা হয়গৈ কামনা
কথা বাঢ়ে, বাঢ়িয়েই থাকে…
যি দেখিছোঁ
বটলত হনিও নাই, আকাশত মুনটোও নাই ,
হানিমুন হ’ব ক’ৰ পৰা…
খালী বটল, খালী আকাশ
হায়ৰে জীৱন… ৱাহ ভাই ৱাহ
কথাষাৰ এদিন ‘আয়ে কৈছিল বাটত, বায়ে তাঁতত আৰু
মই শুনি আহিলোঁ পানী অনা ঘাটত৷’
কথা হয় ৰাষ্ট্ৰ
‘অবস্তুক’ ‘বস্তু’ বুলি ভাবি ভুল কৰোঁ, দহোঁ
ঠানবান হয় সংসাৰ
ভ্ৰমত ভ্ৰমি ভ্ৰমৰ ভ্ৰস্ত
যন্ত্ৰৱৎ আমি অনুগামী হওঁ শিল্পীৰ;
নহওঁ শিল্পৰ
ভুলটো ঠিক এইখিনিতে হয়
(মহাপুৰুষীয়া পৰম্পৰাত ‘বস্তু’ চাৰি প্ৰকাৰৰ। সেইকেইটা হ’ল-গুৰু, দেৱ, নাম আৰু ভকত। বাকী সমস্তক ‘অবস্তু’ বুলি ধৰা হয়।)
Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025