Written by 9:02 am Poems

সপোনপুৰী

মূল : লুইচ কেৰ’ল (Lewis Carroll, Dreamland, ইংৰাজী)  

অনুবাদ : ড° ৰঞ্জিত দত্ত

যেতিয়া মাজ  নিশাৰ 

কুঁৱলীবোৰে ছানি ধৰে 

পৃথিৱীখনৰ  সকলোবোৰেই

নিমগ্ন হয় গভীৰ নিদ্ৰাত,

মোৰ চাৰিওফালে তেতিয়া

ভয়ঙ্কৰ মৃত্যুৱে দপদপনি তুলি

পাৰ হৈ যায় মোৰ কাষেদি

মই নজনাকৈয়ে।

পাৰ হৈ যায় বিগলিত সময়ৰ 

কেইজনমান  যোদ্ধা,

কেইজনমান সন্যাসী আৰু 

কেইজনমান ঋষি-মুনি।

বিকৃত  মুখবোৰ লৈ 

সিহঁতবোৰ আহে আৰু আকৌ 

আঁতৰি যায় মোৰ কাষেৰেই।

দুপৰীয়াৰ সুৰুযৰ মিঠা জিলিঙণি আৰু

সন্ধিয়াৰ মুখ-আন্ধাৰিৰ সন্ধিক্ষণত

সিহঁতৰ চকুবোৰ  তিৰবিৰাই জিলিকি  উঠিলেও

সিহঁতৰো এদিন মৃত্যু হ’ব 

সিহঁতে নভৱাকৈয়ে,

এনেদৰেই সিহঁত মৰিব আৰু 

নিঃশেষ হ’ব চিৰদিনৰ বাবে

কিন্তু প্ৰৱেশ কৰিব নোৱাৰে

স্বপ্ন নগৰীত কোনোদিন 

সেই বিধ্বস্ত হাতখনে কাৰণ

সিহঁতৰ যে আছে  দুচকুত

এক দিব্য দৃষ্টি  আৰু

এক বিৰল জ্যোতি

যি  শেষ হৈ নাযায় অকাৰণে

কোনোদিন কেতিয়াও।

মইতো  নামি অহা দেখিছোঁ

সেই দীঘল দীঘল ছাঁবোৰ

মোৰ জীৱনলৈ,

মোৰ চৌপাশে মৃত্যুৱে মোক

আৱৰি ৰাখে কেতিয়াবা

আকৌ আঁতৰি যায় 

কোনোবা ক্ষণত

নীৰৱে নিৰলে।

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close