প্ৰতীক্ষা বৰা
: এইফালে গছ-বনবোৰ কিবা শুকান, ৰস নাইকিয়া৷ আমাৰ ফালে গছবোৰ কিমান জীপাল, কিমান সেউজীয়া নহয়নে?
: হুঁ৷ মন কৰিছোঁ ময়ো, আনহে নেলাগে দিল্লীৰ ফালেই গছ-গছনি সেউজীয়া৷ ঋতু অনুযায়ী ফলে-ফুলে জাতিষ্কাৰ৷
: তাকেই৷ মাটিবোৰো চাওক, ধোঁৱাবৰণীয়া৷ এটা ডিছ্ছেটিফেকশ্বন আছে সমগ্ৰ জেগাখিনিত৷ হ্ৰদ বুলিও যিটো আমি চাবলৈ আহিলোঁ, সেইটো দেখোন আমাৰ ঘৰবোৰৰ আগফালে থকা পুখুৰী এটাৰ সমান৷ আৰু সেইটোতে মানুহে কি ব’টিং কৰিছে!
: ইয়াৰ মানুহখিনিৰ বাবে সেয়াই হ্ৰদ৷
: কিমান বছৰ হ’ল দিল্লীত থকা? অসমলৈ মনত পৰেনে?
: দহ বছৰ হ’বৰ হ’ল৷ পৰে, কিয়নো নপৰিব৷ আমাৰ সমান মৰমিয়াল আৰু অতিথিপৰায়ণ অন্য কোন জেগাৰ মানুহ হ’ব পাৰিব, কোৱাঁচোন? এবাৰ বুজিছা, মাজুলীলৈ গৈছিলোঁ, মই আৰু বন্ধু তিনিজন, ছাৰ্ভে’ এটাৰ কামত৷ এঘৰত সোমাওঁতে আথে-বেথে বহিবলৈ দি চিধা ভাতৰ পাতলৈ মাতি নিছে৷ শাকে-শোকোতাই একাঁহী খুৱাইহে সোধ-পোচ৷
: সেইফালৰ মানুহখিনি বৰ সৰল৷ সৌ অকণমানি ঘৰকেইটা চাওক, তাত মানুহ থাকেনে?
: নাথাকে, গোবৰৰ চপৰাবোৰ তাত লগাই শুকুৱায়, এইবোৰেৰে সিহঁতি চুল্হা জ্বলায়৷
: অঁ অঁ পঢ়িছিলোঁ৷ ইচ্ ইমান ধূলি, জংঘলৰ মাজতো ইমান ধূলি৷ আমি আৰু কিমান দূৰ যাম?
: কিয়? আমনি লাগিলেই নেকি? গৈ থাকোঁচোন ব’লা, দূৰৈত পাহাৰ দেখিছোঁ৷
: আমনি মুঠেও পোৱা নাই৷ এডভেঞ্চাৰাছ লাগিছে৷ আমি মানে এতিয়া পাহাৰ বগাম?
: ওঁ৷
: বেলি ডুবা চাই ভাল পায় নে? আকাশলৈ মূৰ তুলি চাওক, এনেকুৱা ৰঙা মই শেষৰবাৰ অসমতেই দেখা, খয়েৰৰঙী আকাশ৷
: থেংক গড, অসমৰ লগত কিবা এটাটো মিলিল৷ ভাবিবলৈ’ লৈছিলোৱেই.. বোলো আৰাৱলীৰ দাঁতিত গজা হাৰিয়ানাৰ এই ভিতৰুৱা গাওঁখনলৈ ছোৱালীজনীক এনেই লৈ অনা হ’ল, তাইৰ মনেই নভৰিল৷
: ইমানৰ পিছতো মন নভৰিব নে? সেই যে গানটো আছিল, ‘তুই লাল পাহাড়ীৰ দেশে যা ৰাঙামাটিৰ দেশে যা’৷ লাল পাহাড়ীৰ দেশ কোনখন নো?
: বীৰভূমৰ কথা কয় কিজানি৷ তাৰ মাটিবোৰ ৰঙা৷
: অহ আপুনি তাতো আছিল নহয়?
: ওঁ৷
: মানুহকেইজনীয়ে আপোনাক কি ক’লে?
: একো নাই৷ অকলশৰীয়া মতা মানুহ পাই জোকাই চাইছিলে৷ তামাম এঞ্জয় কৰিলোঁ সিহঁতৰ ফুচুৰি কথাবোৰ৷
: অঁ আপোনাক কিমান স্ফূৰ্তি কৰি কৰি জোকাইছে আনহাতে নিজৰ মুখকেইখনেই এহাত দীঘল ওৰণিৰ তলত৷ ৰক্ষণশীলতাৰ নামত এইবোৰ ছিৰিয়াছ ব্লাণ্ডাৰ৷ কিমান চাগৈ নিয়ম-কানুনৰ মাজত থাকিবলগীয়া হয়৷
: য’তেই আটাইতকৈ বেছি নিয়ম কানুন তাতেই আটাইতকৈ বেছি নিয়মভংগ, কথাটো জানানে নাই? বিদ্ৰোহী মন এটা সকলোৰে মাজত নিহিত থাকে, ই স্বতঃস্ফূৰ্ত৷
: আপোনাৰ ঘৰত বৰ্তমান কোন আছে?
: কোনো নাই৷ মানে সেই আলহী ল’ৰাটো আছে, সিও অহা সপ্তাহ মানত যাবগৈ৷ মনত পেলালা ভালেই হ’ল, ৰাতিলৈ তাক ফোন এটা কৰিব লাগিল৷
: অঁ৷ আৰু ছেহনাজ বাইদেউ, তেখেতকো বৰ লগ কৰিব মন যায়৷
: তাইৰ কথা দেখোন মই তোমাক কৈছোৱেই৷ লগ কৰিবা দিয়াঁ পুনৰ দিল্লীলৈ আহিলে৷
: লগ পাম তেনেহ’লে শীঘ্ৰেই৷ ঘৰলৈ যোৱাতো বহুত দিন হ’ল, দুই এদিনতে আহিব নালাগেনে?
: ওঁ৷
: সৌটো নীলগাই৷ এটা, দুটা, তিনিটা…আৰে এপাল দেখোন৷ চাওক চাওক, টিলাটোৰ ওপৰত, জোপোহাৰ আঁৰত৷ সৌৱা সৌৱা..
: অঁ, এইটোৱেই আমাৰ চলমান খানে চিকাৰ কৰি জেল খোৱাটো৷ নীলগাই আগতে ক’ত দেখিছা?
: ফটোত দেখিছোঁ৷ বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে পঢ়োঁতে নীলগাইটোৱে মোক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল৷
: জে.এন.ইউ-ৰ ফালেও নীলগাই পোৱা যায়, কেতিয়াবা লৈ যাম তোমাক সেইফালে দিয়া৷ তাতো এনেকুৱাই সৰু সৰু পাহাৰ, ওখ-চাপৰ অঞ্চল৷
: নীলগাই খায় নে মানুহে?
: খায় কিছুমানে, কিন্তু সংৰক্ষিত প্ৰাণী খাব নাপায়৷
: দেখি লাগিছে টেষ্টি হ’ব যেন৷
: ধেৎ৷ ৰ’বাচোন ইহঁতৰ ফটো এখন তোলোঁ৷
: ৰাস্তাটো ঠেক হৈ আহিছে, এইফালে জনবসতি নাই, খেতিও নাই, মাথোঁ পাহাৰ, আমি যদি হেৰাই যাওঁ৷
: হেৰাই যাবলৈ ভাল পাবা নে বেয়া?
: বেয়া নাপাওঁ, আপোনাৰ অসুবিধা হ’ব৷
: ময়ো হেৰাই যোৱাৰে পক্ষপাতী৷ সৌ পাহাৰটো বগাওঁ ব’লা৷ বেছি ওখ নহয়, ৰাস্তা কাটি থোৱা আছে৷
: না না মই পাহাৰ নবগাওঁ, ভয় লাগে৷
: মই থাকোঁতেও ভয়?
: নহয়, মোৰ ভৰিৰ খোপনি হেৰায়, তাতে বৰ বেছি ওখ জেগাত মূৰ ঘূৰায়৷
: একো নহয় ব’লা, সেই যে দেখিছা শিলছটা, তাতে গৈ বহিম৷
: বাপৰে কি মস্ত মস্ত গাহৰি৷ আচৰিত হৈছোঁ, ইয়াৰ মানুহে গাহৰিও পোহে? আমাৰ ফালে বাৰু গাহৰিটোৱে ভোজে-ভাতে মঙহৰে যোগান ধৰে৷
: মানৱ সভ্যতাৰ আদিম স্তৰত হেনো গাহৰিয়ে হাল বাইছিল৷
: অঁ, ময়ো পঢ়িছিলোঁ৷
: চৌপাশ আমাৰ কিমান নিজান৷ হাতখন দিয়াঁ৷
: ৰ’ব ৰ’ব আপুনি বেছি খৰখেদা লগাইছে, মই আপোনাৰ নিচিনা দ্ৰুতবেগী নহয়৷ টানি নিনিব৷ ওঁ৷
: ইয়াতে বহাঁ৷
: আপুনি নবহে নেকি? ওৱা এয়া কি?
: ট্ৰিক দেখাইছোঁ তোমাক, আগতে মই এইবোৰ খুব কৰোঁ, শিল এচপৰাৰ কোণ এটাত খোপনি পুতি বহুত সময়লৈ থিয় দি থাকোঁ, গছৰ ডাল এটাৰ পৰা বাদুলি ওলমা দিওঁ৷ এতিয়া বয়স বাঢ়িল যে, আগৰটো ষ্টেমিনা নাই৷ অলপ সিফালে যোৱাঁ, বহোঁ৷
: আপুনি আগতে কাৰচাজি দেখুৱাইছিল?
: পৰিৱেশন…
: ট্ৰিকেই আৰু৷
: সেইবোৰ কথা আজি নাপাতোঁ দিয়া, পিছে-পৰেও পতা হ’ব৷
: আপুনি কিবা এটা ক’ম বুলিছিল৷
: কেতিয়া? অহ দিনৰ ভাগত?
: ওঁ, চাফাই কৰা মানুহটোৱে যে আমাৰ দুৱাৰত টোকৰ দিছিল তেতিয়া৷
: মই যে তোমাক ইয়ালৈ লৈ আনিছোঁ কিমান বিবুদ্ধিত পৰি আনিছোঁ তোমাক কি ক’ম৷ তথাপি ক’ম, তোমাক মই সকলো কথাই ক’ম, মোক মাথো অলপ সময় দিয়াঁ৷ যোৱা দুটা বছৰৰ সঞ্চিত সকলো ক্ষোভ, জড়তা, গ্লানি, হীনমন্যতা, নিঃসংগতা…উজাৰি ক’ম৷ তোমাকেই যদি নকওঁ আৰু কাক ক’ম? মোক ভুল নুবুজিবা দেই, যিখিনি দিছোঁ মৰম বুলি ধৰাঁ৷
: ইমান দিগ্ভ্ৰান্ত নকৰিব মোক৷
: আশা-আকাংক্ষাই কষ্ট দিয়ে বহুত৷
: বুজোঁ৷ আপুনি জি. বি. ৰ’ডৰ কথাও কৈছিল, সেই জেগাখিনিক লৈ মোৰ কিউৰিয়’চিটী আছে প্ৰচুৰ৷ যাম কোনোবাদিনা৷
: অকলশৰে নাযাবা দেই, বৰ বেয়া জেগা৷ কোনোবা বিশ্বাসী পুৰুষ বন্ধুৰ লগত যাবা৷ কিছুদিন আগেয়ে ছোৱালী এজনীয়ে মোলৈ ফোন কৰিছিল, জি.বি. ৰ’ডৰ বিষয়ে এখন ডকুমেণ্টেৰী বনাব খোজে, মই দেখুৱাই মেলি দিব লাগে৷ মই তাইক পৰহিলৈ দিনৰ ভাগত সময় দিছোঁ৷ বৰ কিউৰিয়াছ মাইণ্ডেড, কামক লৈ চিৰিয়াছ৷ ভাল লাগিল৷
: অঁ৷ মই তেনেহ’লে আপোনালোকৰ লগতে ওলাম৷
: দেখা যাওক৷
: যদি আপোনাৰ অসুবিধা নহয়৷
: ওঁ৷
: কিবা ভাবি থাকে আপুনি, চিন্তিত৷ কথোপকথনৰ মাজভাগতে আপোনাৰ মনোযোগ পলাই সাৰে৷ বেয়া কথা, আই ফীল ডিছৰেছপেক্টেড৷
: হয় কিজানি৷ আই…আই এম ছৰী৷
: মোৰ হাতখনত খামোচ মাৰি কিয় ধৰে?
: নাজানো৷
: কেনেকুৱা লাগে?
: নাজানো৷
: এইটো কেনেকুৱা কথা হ’ল?
: “শেৱালি তই মোক ভাল পাৱনে? / পাওঁ কোঁৱৰ / কিয় ভাল পাৱ? / এনেয়ে৷”
: মই বেংগলী ল’ৰা এজনৰ প্ৰেমত পৰিছিলোঁ, সি মোক খুব বাংলা গান শুনাইছিল৷ বাউল প্ৰথম তাৰ ঘৰতেই শুনা৷ নলবাৰীৰ কবি এজনৰ জীয়েকে তোমায় হৃদ মাঝাৰে ৰাখবো তো বৰ ধুনীয়াকৈ গায়, সি মোক তাইৰ কণ্ঠত গোৱাই শুনাইছিল৷
: বাউলৰ লগত মোৰ বহুত ‘পুৰাণা ৰিস্তা’৷ মোৰ ঘৰত বাউল ফকীৰ এজনে প্ৰায় এবছৰমান থাকি গৈছিলহি৷ তেওঁ এই গানটো অলপ বেলেগ ধৰণে গায়- “অগো চেৰে দিলে সোণাৰ গৌড় আৰ পাব না /তোমায় হৃদ মাঝাৰে ৰাখিবো চেড়ে দেব না…”
: বাঃ!
: আন্ধাৰ গভীৰ হৈ আহিছে, ব’লা উঠোঁ৷
: ব’লক৷
: চাব খাবা? মোৰ চাহ একাপৰ বৰ প্ৰয়োজন হৈছে অ’৷
: মোৰ মনটোৱেই পঢ়ি পেলালে৷ বিচাৰোঁ চাহ ক’ত পোৱা যায়৷ চাহো চাগে ইয়াত চেনিপানী হে, চাহৰঙী চেনিপানী, নিষ্কৰ্মা চাহপানী!
: নাই মোমাইতকৈ কণা মোমায়েই ভাল৷
: মই কোৱা নাছিলোঁ?
: ওঁহ৷ হয় দেই বৰ মিঠা৷ ভাই ইচমে’ থ’ৰা অউৰ চায়পট্টী ডালকে উবালো৷
: বাপৰে! আকৌ বোলে নাই মোমাইতকৈ কণা মোমায়ে…
: তোমাৰ সতে কটোৱা সময়খিনিত কোনো তিক্ততা নৰওক৷
: চাহ মিঠা আছিল৷
: ওঁ, বেছি মিঠাও নহওক৷
: আকাশত সৌৱা কি? উৰন্ত ফানুচ৷ কোনোবাই ফানুচ উৰুৱাইছে!
: অঁ হয় দেখোন৷ উৰুৱাবা?
: আমি দুয়ো একেলগে উৰুৱাম ব’লক৷ একেটা ফানুচকে দুয়ো একেলগে উৰুৱাম৷
: ইয়ালৈ অহা ‘কাপল’বোৰৰ দৰে?
: আমিও দেখোন এক প্ৰকাৰৰ ‘কাপল’এই, নে কি কয়?
: ওঁ৷
: আচ্ছা ঠিক আছে মই উৰুৱাম আপুনি ফটোকে তুলিব৷
: ওঁ৷ আমি জানা এসময়ত ঘৰতে ফানুচ বনাইছিলোঁ৷ ফানুচ বনাই বিক্ৰীও কৰিলোঁ বহুত৷
: অহ্৷ আপুনি বিড়ী কিয় হোঁপে? মোৰ খুড়া এজনে দিনটোত মুঠি মুঠি চিগাৰেট খাই শেষ কৰিছিল৷ ডাক্তৰে কোৱা মতে তেওঁ ছিভিয়াৰ ডিপ্ৰেশ্বনত ভুগিছিল৷ অতিমাত্ৰা ধূম্ৰপানৰ ফলত তেওঁৰ হাওঁফাওঁত যমে বাহৰ পাতিছিল৷
: এটা চিগাৰেট চাৰিটা বিড়িৰ সমান৷ মই দিনটোত মাত্ৰ পাঁচটা খাওঁ, মুঠা হিচাপত নাখাওঁ নহয়৷ বিড়ীত আকৰ্ষণ আছে ভাই, ই কলাসুলভ বস্তু৷ নতুন সৃষ্টিৰ আঁৰত এই বিড়ীৰ অৱদান অতুলনীয়৷
: কথা আপোনাৰ!!
: পানী নসৰকা?
: নহয়৷ মস্ত কামোৰ!
: হওক দিয়াঁ৷
: মই পঠিওৱা বৰগীতকেইটা শুনিছিলে?
: বৰগীত শুনি ভাল পোৱাঁ?
: বহুত৷ আমাৰ ঘৰতে মা আৰু ভণ্টীয়ে বৰগীতৰ চৰ্চা কৰে, প্ৰত্যেক ৰাতিপুৱা৷
: অঁ৷ ময়ো পিছে বায়নৰ ঘৰৰ ল’ৰা, যদিওবা সেই নামত মই কলংক৷ খোলটোও শুদ্ধকৈ বজাব নাজানো৷
: আপুনি বাকীবোৰ বাদ্যযন্ত্ৰত ওস্তাদ৷
: বুলি মই নাভাবোঁ, দহ বছৰৰ আগতে কিনা ভায়’লিনখন এতিয়াও ডিভানতে পৰি আছে৷ মাজে সময়ে মই চাফা হে কৰি থাকোঁ৷
: এদিন যাম তেনেহ’লে ভায়’লিন বাদন শুনিবলৈ৷
: ওঁ৷ মই এটা কথা ভাবিছোঁ…
: কি?
: মানে ধৰা, কাহিনীবোৰৰ জানো ধৰা-বন্ধা নিয়ম আছে যে নিৰ্দিষ্ট এটা ছন্দতহে গৈ থাকিব? অথবা আদি থাকিলে তাৰ অন্ত এটাও থাকিব লাগিব? অথবা ভাইচ-ভাৰছা? গতিহীনতাৰ পৰা আঁজুৰি অনা এমুঠি কথন-মনন-চিন্তনৰ বিক্ষিপ্ত ৰূপ এটাই জানো কাহিনী নহয়? গোটেই বস্তুটো কাহিনীকাৰৰ ওপৰত নিৰ্ভৰ কৰিব যে কাহিনীয়ে কোন দিশে গতি কৰিব৷ আৰু কোনখিনিত তাৰ গতি ৰোধ হ’ব৷ কেতিয়াবাতো সেয়া কাহিনীকাৰৰ হাততো নাথাকে, কাহিনীয়ে স্বাধীনভাৱে নিজ নিজ লয়-তাল-মাত্ৰাত গতি কৰি থাকিব৷ তুমি জোৰ-জবৰদস্তি সেই কাহিনীক গতি দিব নোৱাৰাঁ৷ তাক নিৰ্ধাৰিত কৰিব নোৱাৰাঁ৷ সেইবুলি তাৰ অস্তিত্বক তুমি নুই কৰিবও নোৱাৰাঁ৷ কাহিনী চিৰন্তন৷ কাহিনী নিৰ্মম৷ হৃদয়বিদাৰক৷ টুইষ্ট এণ্ড টাৰ্ণেৰে ভৰপূৰ৷ লেকামডাল এৰি দিবা কেতিয়াবা, ছুটি যাবলৈ দিবা কাহিনীক৷ কাহিনী আৰু এতিয়া তোমাৰ বা আমাৰ নহয়, ই এতিয়া সকলোৰে৷ য’তেই মন কৰিব ত’তেই ৰ’ব, যি বিচাৰিব সিয়েই লেকামডাল টানিব পাৰিব৷ ইয়াৰ পাছৰ পৰ্যায় কি হ’ব সেয়া তুমি, এই অভাজন বা এই সময়ে ভাবি-গুণি নিৰ্ধাৰণ কৰি থাকিলে লাভ নাই৷ সেয়া হ’ব কাহিনীৰ প্ৰতি কৰা অশ্ৰদ্ধা৷ বুজিলানে কিবা? নে মই বাৰু ভুল বকিছোঁ নেকি?
: হুঁ৷
: গতিকে তোমাৰ কাহিনী তোমাক মোবাৰক৷ মোৰ কাহিনী মোক৷ আৰু সময়ৰ পৃষ্ঠাই যি কাহিনী খোদিত কৰিব, সেই নেৰেটিভক বুজাৰ সামৰ্থ্য বৰ্তমান আমাৰ নাই৷ ব’লা ওভতোঁ৷
: অৰ্থাৎ, মোৰ কাহিনীৰ লগত আপোনাৰ কাহিনীৰ অভাৰলেপিং, নট পছিবল?
: সেইটোৱেই৷