Written by 8:55 am Poems

ৰাতি

 অৰুণ গগৈ

ৰাতিৰ নিজানত কাণ পাতি শুনো
হাজাৰ বিজাৰ কেঁচু-কুমটিৰ নৈশ সংগীত
মোৰ উৰুখা পঁজাৰ মজিয়াত
জোনৰ লুকা-ভাকু পোহৰ

মই ৰাতিৰ নীৰৱতাত
পানী-আঙুলি বোলাই নিজকে চুই চাওঁ
নেজালপতীয়া শামুকৰ দৰে
এন্ধাৰবোৰে মোক গিলি পেলাই

ৰাতি ফুলা বনৰীয়া ফুলে
মোৰ চোতাল-পদূলিত অচিনা সুবাস ছটিয়াই
আধালিখা কবিতা এটা আওঁৰাই উৰি যায়
ৰাতিৰ বৰণীয়া চৰাই

মই এঠোঁট সুখ খুজি ৰাতিৰ চৰাইক
কাতৰ হৈ আৱাহন কৰোঁ,
জীৱনমুখী গান এটা গাবলৈ অনুৰোধ কৰোঁ,


মোক তাচ্ছিল্য কৰি
চৰাইটোৱে নখেৰে আঁজুৰি নিয়ে
মোৰ মজিয়াত পৰি থকা জোনাকৰ অৱশেষ

আকাশলৈ মূৰ দাঙি চাই থকা
প্ৰাচীন গছবোৰক সুধিলোঁ
ৰ’দৰ ঠিকনা কেনি?
সুখৰ সুগম পথ ক’ত?

ছাঁ দিয়া গছে ক’লে
মায়া এৰি সঁচাৰ চকুৰে চোৱাঁ
শুকান পাতৰ মৰ্মৰণি কাণ পাতি শুনা

উঁইচিৰিঙাৰ মাতে মাতাল কৰা ৰাতি
মই শুনিবলৈ পালোঁ প্ৰকৃতিৰ আৰ্তনাদ
মানুহবোৰ স্বাৰ্থপৰ
মানুহবোৰ বৰ্বৰ
মোকেই কাটি-মাৰি মোকেই সোধে
সুখৰ ঠিকনা কি

মই এন্ধাৰতো দেখা পালোঁ
আমাৰ পংগু মনৰ
ক্ষণভংগুৰ মগজুৰ নগ্ন ছবি

শুকান অৰণ্য ভেদি বৈ অহা
নৈৰ পাৰত ওৰে ৰাতি শুনিবলৈ পালোঁ
সাতামপুৰুষীয়া আইৰ সেই সাধুকথাৰ বিননি

“হাতো নেমেলিবি ফুলো নিছিঙিবি” ৷

ঠিকনা : 

গাঁও : মৰিয়নী নগাঁও
ডাক : নাগাজাংকা

জিলা : যোৰহাট

ডাক সূচাংক : ৭৮৫৬৩৪

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close