Written by 8:49 am Poems

স্মৃতিশক্তিৰ বিষয়ে আৰু এটা কবিতা

অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

মনত ৰখা এটা বেচ টান কাম৷

এটা জটিল কাৰবাৰ৷

কিমান যে কৌশল কৰি মনত ৰাখিবলগীয়া হৈছিল অঙ্কৰ ফৰ্মূলা

মনত পৰিলেই

ঘাম ওলায়, দেহাটো অস্থিৰ হয়, এতিয়াও মাজনিশা টোপনি ভাগে৷

আপোনজনৰ জন্মদিন মনত ৰখাৰ বাবে

আগেয়ে কেলেণ্ডাৰত ৰঙা দাগ ছপা কৰা আছিল

এতিয়া ম’বাইলত ৰিমাইণ্ডাৰ৷

চাদৰৰ আঁচলত গাঁঠি মাৰি

কিমানবাৰ যে বৰদৈচিলাৰ হাতৰ পৰা ৰক্ষা কৰা হৈছে টাইটানিক

তাৰ হিচাপ নাই৷

মোগল সম্ৰাটৰ নাম মনত ৰখাৰ বাবে

সেই চমৎকাৰ পদ্যটো যিজনে লিখিছিল

তেওঁৰ ওচৰত আমি প্ৰত্যেকেই ঋণী৷

গোটেই পৃথিৱীৰ বাবে

মনত ৰখা সঁচাকৈ এটা বেচ টান কাম,

এটা জটিল কাৰবাৰ৷

কেৱল অপমান পাহৰিব পাৰিলেই মানুহ বাচে৷

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close