নিৰু দত্ত
মেটমৰা পথৰুৱা শইচৰ তলত
এখন প্ৰাচীন নগৰ বুকুত ধাৰণ কৰি
ধন্য ধনশিৰি৷
সৰাপাতৰ আঁৰকাপোৰ আলফুলে তুলি
বিস্ময় দুচকুত থাপিলোঁ শতিকাৰ ৰহঘৰা
পোত যোৱা প্ৰাচীন নগৰৰ অনেক চিনাকি চৰিত্ৰ
গলি গলি খাৰুৱা তেলৰ পুঙত
মাটিৰ ওপৰে তলে অনেক কাহিনী
পানীয়ে বামে সিঁচৰতি সোণালী বুৰঞ্জী ৷
শিলে ক’ব খোজা কথাবোৰ
বাহ্মীলিপিত বাংময়
আমি নিৰৱ শ্ৰোতা৷
শিলৰ মূৰ্ত্তিবোৰে
কথা কোৱাৰ পৰত আমি কলা
সেন্দুৰৰ ফোঁটত
স্বৰূপ হেৰুৱাৰ পৰত আমি বোবা৷
উপত্যকা জুৰি মেগলিথৰ ভুনভুননি
টেঙানি দুবৰণি তেলিশাল কাছমাৰী
নগাজৰি খনিকৰ বিষ্ণুপুৰ দেওপানী
কছাৰী বৰাহী আহোম ৰাজ
উজাই ভটিয়াই দেটচুং দেটচাৰ৷
ঠিকনাঃ নিশান্ত নিবাস
সৰুপথাৰ-৭৮৫৬০১
গোলাঘাট
ভ্ৰাম্যভাষ: ৭০০২২৪১১৪৫
Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025