Written by 8:35 am Articles

ডাটা ছায়েণ্টিষ্ট (Data Scientist) কেনেকৈ হ’ব পাৰি ?

 ড° বুলজিৎ বুঢ়াগোহাঁই

ডাটা ছায়েন্স হৈছে এক আন্তঃশাখা ক্ষেত্ৰ যি ডাটাৰ পৰা অন্তৰ্দৃষ্টি আহৰণ কৰিবলৈ গণিত, পৰিসংখ্যা, আৰু কম্পিউটাৰ বিজ্ঞান একত্ৰিত কৰে৷ ডাটা ছায়েন্স ডাটা অনুমান, এলগৰিথম বিকাশ, আৰু প্ৰযুক্তিৰ এক মিশ্ৰণ, যাক বিভিন্ন উদ্যোগত জটিল বিশ্লেষণাত্মক প্ৰত্যাহ্বান সমাধান কৰিবলৈ ব্যৱহৃত হয়৷

ডাটা ছায়েন্সৰ প্ৰধান ভূমিকা হৈছে কৌশলগত সিদ্ধান্ত গ্ৰহণ, সামগ্ৰী বিকাশ, প্ৰৱণতা বিশ্লেষণ, আৰু পূৰ্বাভাস সমৰ্থন কৰিবলৈ জটিল তথ্য বিশ্লেষণ আৰু ব্যাখ্যা কৰা৷ ই ব্যৱসায় আৰু বিভিন্ন সংস্থাক  তথ্যৰ ভিতৰত লুকাই থকা ধাৰণাসমূহ উন্মোচন কৰিবলৈ সহায় কৰে আৰু ডিজিটেল ডাটা সংগ্ৰহ আৰু ব্যৱস্থাপনাক উন্নত কৰে৷

ডাটা ছায়েণ্টিষ্ট (Data Scientist) হৈছে এজন বিশেষজ্ঞ যি ডাটা ছায়েন্সৰ ক্ষেত্ৰত কাম কৰে আৰু অৰ্থপূৰ্ণ অন্তৰ্দৃষ্টি আহৰণ কৰিবলৈ ডাঙৰ ডাটাসমূহ বিশ্লেষণ আৰু ব্যাখ্যা কৰাৰ ওপৰত গুৰুত্ব দিয়ে৷ তেওঁলোকৰ ভূমিকা হৈছে গৱেষণা কৰা, তথ্য বিশ্লেষণ সম্পাদন কৰা, আৰু ব্যাপক ডাটাৰ ভিত্তিত বৃদ্ধিৰ প্ৰৱণতা, ব্যৱসায়িক ধাৰণা, আৰু বজাৰ ব্যৱহাৰ পূৰ্বানুমান কৰি সংস্থাসমূহক তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণত সহায় কৰা৷

এজন সফল ডাটা ছায়েণ্টিষ্ট (Data Scientist)  হ’বলৈ কিছুমান গুণ থকা দৰকাৰ, যেনে– শক্তিশালী বিশ্লেষণাত্মক আৰু সমস্যা সমাধানৰ ক্ষমতা, কোম্পানী লক্ষ্যৰ সৈতে ডাটাৰ অন্তৰ্দৃষ্টিক একাকাৰ কৰিবলৈ ব্যৱসায়িক বুদ্ধিমত্তা,উদ্ভাৱনীমূলক তথ্য সমাধান বিকশিত কৰিবলৈ গৱেষণামুখী মানসিকতা , কনিষ্ঠ ডাটা ইঞ্জিনিয়াৰ আৰু বিশ্লেষকসকলক পথ প্ৰদৰ্শন কৰিবলৈ মেণ্টৰিং দক্ষতা আদি ৷

ডাটা ছায়েণ্টিষ্ট (Data Scientist)  হিচাপে কেৰিয়াৰ আৰম্ভ কৰিবলৈ হ’লে কম্পিউটাৰ বিজ্ঞান, গণিত, পদাৰ্থ বিজ্ঞান, পৰিসংখ্যা  বিজ্ঞান বা অৰ্থনীতি বিষয়তত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগে৷ স্নাতকোত্তৰ ডিগ্ৰী( M.Tech., M.E.  M.Sc., MCA,MBA in Business Analytics আদি) থাকিলে অতিৰিক্ত সুবিধা  লাভ  কৰিব পাৰে৷ দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো এই পাঠ্যক্রমবোৰত অধ্যয়ন পৰা শিক্ষানুষ্ঠান আছে ৷

কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্রমত অধ্যয়ন  কৰিব পৰা অসমৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (http://www.aec.ac.in), যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় (http://jecassam.ac.in), বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয় (https://bvec.ac.in), ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় (https://dec.ac.in), কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ (https://cit.ac.in), ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ (http://www.nits.ac.in), ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান  গুৱাহাটী (http://iiitg.ac.in), ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (www.iitg.ac.in), তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in),   ডিব্ৰুগড় ইউনিভাৰ্চিটি  ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী (https://www.dibru.ac.in),  গুৱাহাটী  ইউনিভাৰ্চিটি  ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজী (https://gauhati.ac.in/academic/institutes/institute-of-science-and-technology), অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠ (http://www.dbuniversity.ac.in), অসম ডাউন টাউন বিশ্ববিদ্যালয় (https://adtu.in),  গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় (https://gcuniversity.ac.in), ৰয়েল অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিদ্যালয় (http://rgu.ac ), স্ক’লাৰ্চ ইনষ্টিটিউট অৱ  টেকন’লজী  এণ্ড  মেনেজমেণ্ট (http://sitmguwahati.org),  কাজিৰঙা ইউনিভাৰ্চিটি  (http://kazirangauniversity.in ) আদি ৷

গণিত-শাস্ত্ৰ (Mathematics)ত স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন  কৰিব পৰা অসমৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – গুৱাহাটী বিশ্ববিদ্যালয়(http://www.gauhati.ac.in ), ডিব্রুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in ), ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (www.iitg.ac.in ), অসম বিশ্ববিদ্যালয় (http://www.aus.ac.in), তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in), কটন বিশ্ববিদ্যালয়(https://cottonuniversity.ac.in),  বড়োলেণ্ড বিশ্ববিদ্যালয় (http://www.bodolanduniversity.ac.in),  ভট্টদেৱ বিশ্ববিদ্যালয় (https://www.bhattadevuniversity.ac.in),  আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (http://www.avcollege.ac.in), জৱাহৰলাল নেহৰু মহাবিদ্যালয় (http://www.jncollegeboko.ac.in), কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় (http://www.kgc.edu.in), যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠান (http://www.jist.ac.in) আদি৷

 ‘পৰিসংখ্যা বিজ্ঞান’ত স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল -গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in), ডিব্রুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in), অসম বিশ্ববিদ্যালয় (http://www.aus.ac.in), কটন বিশ্ববিদ্যালয় (http://www.cottonuniversity.ac.in) আদি৷

ডাটা ছায়েণ্টিষ্ট (Data Scientist)ৰ বাবে প্রয়োজনীয় কাৰিকৰী দক্ষতাসমূহ হ’ল – প্ৰগ্ৰামিং ভাষা,যেনে- Python, R, SQL, SAS, Hive, Spark আদি; ডিষ্টিবিউটেড কম্পিউটিং আৰু বিগ ডাটা টুল, যেনে- Hadoop, Apache Spark আদি; পৰিসংখ্যা মডেলিং আৰু মেচিন লাৰ্নিং, যেনে- Regression, Classification, Deep Learning আদি; ডাটাবেচ মেনেজমেণ্ট, যেনে- SQL, NoSQL, MongoDB আদি; ডাটা ভিজুৱলাইজেশ্বন টুল, যেনে- Tableau, Power BI, Matplotlib, Microsoft Excel আদি; গণিত আৰু পৰিসংখ্যা, যেনে- Probability, Linear Algebra, Calculus আদি ৷

 বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ৷

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close