Written by 8:08 am Poems

বোজা কঢ়িওৱা গাধটো আৰু মই

গিৰিজা শৰ্মা 

গধুৰ মনটো ক’ৰবাত থাপি থ’ব খোজা মুহূৰ্তত

মনলৈ আহে 

সৌ তাহানিৰ 

ভাৰহীন দিন 

যেন 

পাতল ফিৰ্ ফিৰিয়া বুকু জুৰ পৰা 

এছাটি মলয়া বতাহ 

দিনে-দিনে ভাৰবোৰ গধুৰতৰ হয় 

সৌৰ তাহানিৰ সাধুকথাৰ দিনৰ বোজাৰ ভৰত কোঙা হৈ পৰা গাধটো 

যাৰ কথা ভাবি 

বহু ৰাতি মই শুব পৰা নাছিলোঁ 

আৰু আজি !

ক’ত থাপি থওঁ পৰ্বতসম ভাৰ!

মোৰ অজীনপাতকী সময়, অনাহক সম্পৰ্ক

কালে দিয়া হৃদয়ৰ গভীৰৰ 

অন্তহীন শূন্যতাৰে পৰিপূৰ্ণ অসহনীয় ভাৰ 

বোজা কঢ়িওৱা গাধটো আৰু মই 

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close