Written by 5:46 am Poems

মোক্ষপদ

মিণ্টুল হাজৰিকা

যি পৌৰাণিক !

বিশ্বাস আৰু আস্থাৰ মুখ বাগৰি

উশাহে উশাহে লালিত

সেই দিন আৰু ৰাতিৰ মহাসংগম

য’ত অসুৰৰ ধনঞ্জয় বায়ুৰ ওৰ হৈছিল উৰি

তেনে এক দোঘোৰাতে বধি থৈ আহিছোঁ

পৰম্পৰাৰ নামত তেজ পি নোদোকা হোৱা জোক৷

নিজেই নিজৰ পূজাৰী হোৱাৰ আগলৈকে

মাটিকুঁৱাতে জীপ দি জীয়াইছোঁ

যি সনাতন উশাহ

জীয়নীয়া মাছ হৈ পুণিতলৰ পুখুৰীৰ

ভাঙিছোঁ নিসংগতা

সেইদেখি দেহি ঐ,

চেঁচুকীয়াৰ শীতলতাক জিনিব জানিছোঁ !

এই কথা ঠিক—

শৰীৰৰ ৰং লৈ মুঠেই চিন্তিত নহওঁ দেও

শ্ৰম আৰু প্ৰেমৰ সংমিশ্ৰণৰে গঢ়া

মোৰ বৈজয়ন্তী শৰীৰ

য’ত কুমাৰৰ হাতৰ আশীৰ্বাদ এচেৰেঙা আছে

যাৰ স্পৰ্শই ধন্য কৰে স্বয়ং অধিষ্ঠাত্ৰীক

তেওঁৰেই ৰঙেৰে লেপিছোঁ দৃষ্টিৰ সৃষ্টিখন ৷

চকুত ওন্দোলাই থকা বিশ্বাসৰ মেঘে

ৰূপান্তৰৰ মন্ত্ৰৰে পানী হৈ সৰিলেই

এচৰাজত বাজি উঠিব

ঢৌখেলি খেলি ৰাতিৰ হৰিণী জোনাক

জুনুক জুনুক…

এইহেন সম্ভাৱনাৰ অযুত কল্পনাই

চিকুণাই থয়

অতদিনে সৰাপাতেৰে পোট খাই থকা

পুৱতিৰ কাঁচিমুখ

এই মুখে জানে ঠিক—

আকাশত যিমানলৈকে বেলিৰ দপদপনি

সিমানলৈকেহে মানুহৰ মুখবোৰ ধুনপেচৰ চং

আন্ধাৰ হ’লেই সেইখন মুখ নহয় যেন সংগীন

বুকু ফুটা কৰি পিয়ে,

সুন্দৰতম জগতৰ মহত্ত্বম সঞ্জীৱনী

ভূঞাৰ পামত মন জুৰোৱা

ঐ ফাগুন ফাগুন মদাৰ

তোৰ ওঁঠতে নিয়ম ভঙাৰ মন্ত্ৰ শুনি

অপেক্ষাৰ দীঘলীয়া বাট আনিছোঁ চমু কৰি

বিষণ্ণতাক সাঙীত তুলি বিদায় দি

সাতখলপীয়া মোৰ সপোনৰ সৈতে

সমস্ত সৌন্দৰ্যৰ জপা খুলি আদৰিছোঁ

ঝাওবনৰ প্ৰত্যাৱৰ্তন !

এইহেন মঙ্গল ক্ষণত

ঈশ্বৰে আয়তী কৰি পঠিয়াইছিল

উৰুলিৰ পাতল বৰষুণ এজাক

সদ্যোস্নাত আমপাতত আশীৰ্বাদৰ বিজুলী চমক

পোহৰৰ ছিটিকনি সহিব নোৱাৰি

ক্ৰমে ক্ৰমে আঁতৰি গৈছে আন্ধাৰৰ

পুলি-পোখাৰ সংসাৰ

এতিয়া,

উত্তাপৰ মাফলাৰ ডিঙিত আঁৰি

হালিছে-জালিছে ভাবনাৰ পখিলাহি মন

ওঁঠৰ লালিত্যত কামিনীকাঞ্চনৰ গা-ভাৰী প্ৰাণ

কোনো স্বীকৃতিৰ ভোকে উত্তেজিত কৰিব নোৱৰাকৈ

মোৰ চকু দুটা শীতল

যি মাহ-হালধিৰ পৰিৱৰ্তে স্বয়ং পৱিত্ৰ

সেয়ে বিদায়ৰ দোলাত তুলি বিদায় দিছোঁ

সমস্ত জৰা-ব্যাধি…

কপৌ চৰাইটিৰ সৈতে য’ত আত্মাৰ বসতি

তাতেই মোৰ এতিয়া চাউল থকালৈকে

প্ৰশান্তি প্ৰশান্তি… !

ভ্ৰাম্যভাষ : ৮৬৩৮২৫৯০৭৩

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close