Written by 5:44 am Poems

স্যাৰাইননা

 জয়ন্ত দত্ত

(১)

স্যাৰাইননা

বিছ কি একৈছ বছৰীয়া

দেউতাক অভিযন্তা

মাক শিক্ষয়ত্ৰী কলেজৰ

জগত দত্ত

নামহে জগত পিছে নিজৰ বুলিবলৈ ভেটিটোৰ বাহিৰে ফুটাকড়ি এটাও নাই

ছোৱালী এজনী ; তিনি বছৰীয়া

থুনুক-থানাক কৈ দেও দি ফুৰা ছোৱালীজনীয়ে

নিজেই দি লয় নিজৰ নাম স্যাৰাইননা

সেইটো নামৰেই মাকে স্কুলত নাম লগায়

মাকৰ হাতত ধৰি স্কুললৈ যায়

বাটৰ মানুহবোৰে জোকায়

“স্যাৰাইননা স্যাৰাইননা কি হ’ল আজি দেখোন গাড়ী এৰি মাটিলৈ আহিলা…

তাই বুজি নাপায়

ৰাতি মাকে দেউতাকক কয়

ভাবকচোন তাইৰ আন এটা নাম

আমাৰ সৈতে মিলা…

বাপেক কয় “তাই ওপজা তিনিদিনৰ দিনাই মই

যোগালিৰ পৰা মিস্ত্ৰি হওঁ …

তাই আমাৰ লক্ষ্মী

কেনেকুৱা হ’ব লক্ষ্মী

টোকোনা ঘৰত লক্ষ্মী

মাকৰ মনে নামানে…

(২)

মণি

সৰুতে মণিয়ে দেউতাকক কয়

দেতা দেতা মই যদি গণিতত এশৰ ভিতৰত এশ পাওঁ মাছ আনিবানে

তোমালৈ দুটা, মালৈ দুটা, মোলৈ দুটা

এটা আঞ্জাত এটা ভজা…

জীয়েকে প্ৰতিবাৰেই কথা ৰাখে

বাপেকে মিলাব নোৱাৰেহে নোৱাৰে…

জীয়েক মণিয়ে লৈ দিয়া গাড়ী চলাই

জগত দত্ত বজাৰে বজাৰে ঘূৰি ফুৰে

জীয়েকে ভাল পোৱা বস্তু বিচাৰি বিচাৰি কিনে

জীয়েকৰ মুখৰ পোহৰত মানুহটোৱে

জীৱনৰ গণিতৰ বহীখন মেলি লয়

এটাও ভুল নোলায়

এশৰ ভিতৰত এশ

 ***

ঠিকনা :

দ গাঁও নলনিখাত,

ডাকঘৰ : গৰখীয়া দ’ল,

যোৰহাট- ৭৮৫০১৫

ভ্ৰাম্যভাষ : ৯৩৬৫৪৫৭৭৫১

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close