Written by 5:43 am Poems

নৈ নিৰিবিলি

উদয় কুমাৰ বৰুৱা

মোৰ দৰে আপোনাৰ হৃদয়তো

থাকেনে বৈ এখন নিৰিবিলি নৈ

তাৰ পাৰত বহি কৰেনে কেতিয়াবা

অতীত বুৰঞ্জী ৰোমন্থন

নতুবা হয়নে কথোপকথন

ফুলি থকা এজাৰজোপাৰ

হেজাৰ বেদনাৰে

আৰু থৰ হৈ চাই থকা ৰঙা জিঁয়াটোৰ

কঁপা কঁপা মৌনতাৰে

কৰে নে উপভোগ দুপৰ বেলা নদীৰ শিলত বহি মাছৰোকাটোৰ মৎস্যকামনা

মন নাযায়নে চাবলৈ সেই নদীৰ

ডেউকাৰ আঁৰত তিলে তিলে কেনেকৈ গঢ় লৈ উঠে নব্য সভ্যতা

হিমসনা গধুলি এটাত কাঁচিজোনটোৰ স’তে নামি অহা আকাশখনৰ বাসনা এটাই আপোনাকো 

নুফুৰেনে খেদি

কেতিয়াবা প্ৰাণোচ্ছল নদীখন

তৰাং হোৱাৰ আশংকা এটাই

আপোনাকো নাথাকেনে ৰেপি

হয়, জানিবৰ মন যায় সকলো থকাৰ পিছতো শূন্যতাৰ বিননি এটাই মোৰদৰে

আপোনাকো মেৰিয়াই ধৰি থাকে নেকি?

Visited 3 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close