Written by 5:10 am Story

গ্ৰন্থ আলোচনা

‘প্ৰাক্ বৈদিক শামুকবোৰ’ অনিতা গগৈৰ তৃতীয় কবিতাপুথি।

প্ৰখৰ ঐতিহ্যবোধ, তীব্ৰ জীৱন জিজ্ঞাসা, দায়বদ্ধ সমাজবোধ, প্ৰকৃতিৰ অনিৰ্বচনীয় সৌন্দৰ্যৰ প্ৰতি শ্ৰদ্ধাভৰা আশ্চৰ্যদৃষ্টি আদিৰে তেওঁৰ কবিতাৱলী সমৃদ্ধ। প্ৰকৰণৰ দিশতে চিত্ৰকল্প নিৰ্মাণৰ প্ৰতি ধাউতি, সাঙ্গীতিক লয়ৰ প্ৰতি অনুৰাগ আৰু ভাবনাৰ সাঙ্কেতিক প্ৰকাশৰ যোগেদি বিশ্বসত্যৰ উপলব্ধিৰ যত্ন এটা তেওঁৰ কবিতাসমূহত অনুভৱ কৰা যায়।

সমসাময়িক সমাজৰ মানুহে কৰা অমানুষিক কৰ্মৰ্কাণ্ডক লৈ কবিগৰাকী উদ্বিগ্ন। কিন্তু প্ৰগতিবাদী কবিসকলৰ দৰে হাতত প্ৰতিবাদৰ শক্তি তুলি লৈ সমাজ জীৱনক অস্থিৰ কৰি তুলিবলৈ তেওঁ মান্তি নহয়। তাৰ বিপৰীতে তেওঁ মানুহৰ অন্তৰাত্মাত এক মানৱীয় বিপ্লৱৰ বোধ জন্ম দিবলৈহে ব্যাকুল। সম্ভৱতঃ এয়ে এজন কলাকাৰৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাও। জনজীৱনৰ বিভিন্ন লোকাচাৰ-লোককৃত্য আদিৰ মাজতো কবিগৰাকীয়ে নিজৰে সন্ধান কৰিছে। এনে আত্মানুসন্ধানৰ আন্তৰিকতাপূৰ্ণ অধ্যয়ন আৰু উপলব্ধিৰ যত্নই পঢ়ুৱৈকো এক বিশ্লেষণাতীত আত্মানুসন্ধানৰ পথনিৰ্দেশনা দিব পাৰে।

গুৱাহাটীৰ আৰ্হি প্ৰকাশনে প্ৰকাশ কৰা ‘প্ৰাক্ বৈদিক শামুকবোৰ’ত মুঠ আঠসত্তৰটা কবিতা সংকলিত হৈছে। গ্ৰন্থখনত কবিক শুভকামনা জনাই একোটা মন্তব্য লিখিছে পণ্ডিতপ্ৰৱৰ অধ্যাাপক নগেন শইকীয়া আৰু অধ্যাাপিকা কৰবী ডেকা হাজৰিকাই। এশ আঠত্ৰিছ পৃষ্ঠাৰ সুদৃশ্য ছপা-বন্ধাৰে সমৃদ্ধ এই কিতাপখনৰ অৰ্থমূল্য দুশ বিছ টকা।

Visited 2 times, 1 visit(s) today
Last modified: May 2, 2025
Close Search Window
Close